নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰৰ ৭৫ শতাংশ কর্মীক চাকৰিৰ পৰা খেদিব এলন মাস্কে

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: মাইক্র’ব্লগিং ছাইট ‘টুইটাৰ’ ক্রয় কৰাৰ পিছত সংস্থাটোৰ চিই’ পৰাগ আগৰৱালাসহ শীর্ষ বিষয়াসকলক অপসাৰণ কৰিছে ধনকুবেৰ এলন মাস্কে৷ এইবাৰ টুইটাৰৰ বহু কর্মীক চাটাই কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে মাস্কে৷ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, টুইটাৰ ক্রয়ৰ পিছতে ইয়াৰ ৭৫ শতাংশ কর্মীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে মাস্কে৷ মূলতঃ পৰিগাঁথনিগত খৰচ হ্রাস কৰিবলৈ পাইকাৰী হাৰত টুইটাৰত চাটাই অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ধনকুবেৰগৰাকীয়ে৷ আগন্তুক পহিলা নৱেম্বৰৰ পৰা এই গণচাটাই অভিযান আৰম্ভ হ’ব টুইটাৰত৷ উল্লেখনীয় যে কর্মীসকলক ১ নৱেম্বৰত ক্ষতিপূৰণ হিচাপে বেতনৰ এটা নির্দিষ্ট অংশ প্রদান কৰিব ধনকুবেৰ মাস্কে৷

You might also like