নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টোপনিৰ বিসংগতি নির্মূল কৰিব কৃত্রিম বুদ্ধিমত্তাই

জার্নেল অৱ ক্রিনিকেল শ্লিপ মেডিচিনৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ জীৱশ্রেষ্ঠ মানৱৰ উদ্ভাৱন কৃত্রিম বুদ্ধিমত্তা (এ আই)ই মানৱ জাতিৰ বাবে অনেক ক্ষেত্রত সুখৰ বার্তা কঢ়িয়াই আনিছে ৷ শেহতীয়াভাৱে টোপনিৰ বিসংগতিত ভোগা ৰোগীৰ বাবে কৃত্রিম বুদ্ধিমত্তাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ এ এ এছ এমে কৃত্রিম বুদ্ধিমত্তাৰ বিকাশ ঘটাই এনে এক স্থিতিত উপনীত হৈছে যে টোপনিৰ বিসংগতিত ভুগি থকা ৰোগীসকলক যত্ন আৰু শুশ্রূষা কৰিব পাৰিব ৷ যাৰ জৰিয়তে টোপনি বিসংগতিত ভুগি থকা লোকৰ দীর্ঘদিনীয়া বেমাৰ নির্মূল কৰিব পৰা যাব ৷ জার্নেল অৱ ক্রিনিকেল শ্লিপ মেডিচিনত প্রকাশ পোৱা তথ্য অনুসৰি কৃত্রিম বুদ্ধিমত্তা আৰু ইয়াৰ লগত থকা যন্ত্র শিক্ষণৰ দ্বাৰা পলিচেনগ্রাফীৰ দ্বাৰা ব্যক্তিৰ এগৰাকীৰ ইলেক্ট্র ফিজিকেল দাটাসমূহ সংগ্রহ কৰিব পৰা যাব, ইয়াৰ জৰিয়তে ব্যক্তিজনৰ টোপনিৰ বিসংগতিৰ কাৰকসমূহ জানিব পৰা যাব৷ এই গৱেষণাক নেতৃত্ব দিয়া ডাঃ কেথি গোল্ডষ্টেইনে প্রকাশ কৰা মতে, কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে টোপনিৰ ঔষধ সঠিকভাৱে নির্ণয় কৰিব পৰা যাব আৰু ইয়াৰ জৰিয়তে এনে বেমাৰ নির্মূল কৰাটো সহজ হৈ উঠিব ৷

You might also like