নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: সংযুক্ত আৰব আমিৰ শ্বাহী (ইউএই)ৰ অর্থনৈতিক হাব হিচাপে চিহ্ণিত ডুবাইত পুনৰ বিশাল অট্টালিকা ক্রয় কৰিছে ভাৰতীয় ধনকুবেৰ মুকেশ আম্বানিয়ে৷ বিলাসী পাম জুমেইৰাত ১৬৩ নিযুত ডলাৰত আম্বানিয়ে ক্রয় কৰিছে কুৱেইটৰ এগৰাকী ধনকুবেৰৰ সমুদ্র সৈকতত লাগি থকা এটা প্রাসাদ৷ ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ কর্ণধাৰ মুকেশ আম্বানিয়ে ইয়াৰ পূর্বেও ডুবাইত ক্রয় কৰিছে বিলাসী অট্টালিকা৷ ভাৰতীয় অংকৰ হিচাপত এই প্রাসাদটোৰ মূল্য ১৩৫৪ কোটি টকা৷ ইয়াৰ পূর্বেও চহৰখনৰ বিলাসী তথা ব্যয়বহুল প্রাসাদটো ক্রয় কৰিছিল আম্বানিয়ে৷ এইবাৰ নিজৰ অভিলেখ নিজেই ভাঙিলে ধনকুবেৰ আম্বানিয়ে৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি পাম জুমেইৰাত এইটোৱেই আটাইতকৈ বিলাসী প্রাসাদ আছিল৷ স্মর্তব্য যে চলিত বর্ষৰ আৰম্ভণিতে মুকেশ আম্বানিৰ পুত্র অনন্তই ৮০ নিযুত ডলাৰৰ বিনিময়ত এটা প্রাসাদ ক্রয় কৰিছিল৷ ভাৰতীয় অংকৰ হিচাপত এই প্রাসাদটোৰ মূল্য ৬৪০ কোটি টকা৷