তবলিকী জামাতৰ বাবে দেশত বৃদ্ধি পালে ক’ৰোনাত সংক্ৰমিত লোকৰ সংখ্যাঃ কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰালয়
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ দেশত ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা যোৱা ২৪ ঘণ্টাত ৩৮৬ জনলৈ বৃদ্ধি পালে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইয়াৰ বাবে তবলিগী জামাতৰ ঘটনাকে জগৰীয়া কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ আয়ুক্ত সচিব লব আগৰৱালাই বুধবাৰে কয় যে তবলিগী জামাতত বেছি সংখ্যক মানুহে অংশগ্ৰহণ কৰাৰ বাবে ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পালে। মন কৰিব লগীয়া যে চৰকাৰে এতিয়া তবলিগী জামাতৰ পৰা উভতি অহা লোকৰ অনুসন্ধান অব্যাহত ৰাখিছে।
উল্লেখ্য যে ক’ৰোনাৰ সংক্ৰমণৰ পৰা এতিয়ালৈকে ১৩২ জন ৰোগী সুস্থ হৈ উঠিছে।