নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ভাৰতত মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ বাবে দেশৰ বিখ্যাত তিৰুপতি মন্দিৰত তিৰুমালা তিৰুপতি দেৱস্থানম (টি টি ডি)য়ে ভক্তসকলৰ বাবে আগৰ পৰা চলি থকা প্রট’কল সংশোধন কৰিছে৷ কর্তৃপক্ষই জনোৱা মতে অহা ১৭ মার্চৰ পৰা ভক্তসকলে মন্দিৰ দর্শনৰ বাবে আগৰ দৰে শাৰী পাতিব নালাগে৷ অন্ধ্রপ্রদেশ চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাতে এনে সিদ্ধান্ত গ্রহণ কৰিছে৷ টি টি ডিৰ কার্যবাহী বিষয়া অনিল কুমাৰ সিংঘালে কালি তিৰুমালাত এই বিষয়ে মন্তব্য কৰে৷ সংশোধিত প্রট’কল অনুসৰি ভক্তসকলে অহা ১৭ মার্চৰ পৰা কোঠাত বহিব নোৱাৰিব আৰু শাৰী পাতি ইজনৰ সৈতে সিজন ভক্ত লগালগি হৈ থাকিব নোৱাৰিব৷ ভক্তসকলে সময় গোটৰ আধাৰত মন্দিৰ দর্শন কৰিব পাৰিব আৰু নির্ধাৰিত লোকেহে দর্শনৰ সুযোগ লাভ কৰিব৷ তেওঁলোকে মন্দিৰলৈ অহোঁতে নিজৰ পৰিচয় পত্র যেনে– আধাৰ, বা ভোটাৰ আই ডি অথবা গাড়ী চলোৱাৰ অনুজ্ঞা–পত্র প্রদান কৰি সময় গোটৰ জৰিয়তে মন্দিৰ দর্শন কৰিব পাৰিব৷ সাধাৰণতে তিৰুপতি মন্দিৰলৈ দিনে লাখ হিচাপত ভক্তৰ সমাগম হয়৷ কিন্তু এতিয়াৰ পৰা মন্দিৰ দর্শনৰ বাবে ৩,৫০০–৪,০০০ ভক্তইহে সুযোগ লাভ কৰিব৷ আনহাতে, টি টি ডিয়ে মন্দিৰৰ কিছুমান ধর্মীয় অনুষ্ঠান যেনে বিশাখা পূজা, সহস্র কলাশাভিষেকম আৰু বসন্তোৎসৱম অনুষ্ঠান বাতিল কৰিছে৷