থাইলেণ্ডত গুলীত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ থাইলেণ্ডৰ নাংখন ৰাট্চাছিমা চহৰত এজন সৈনিকে ২৬জন লোকক গুলীয়াই হত্যা কৰাৰ পিছত সৈনিকজনো নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে৷ থাই আৰক্ষীৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ উল্লেখ্য যে জক্রাফণ্ট থ’ম্মা নামৰ সৈনিকজনে কালি নিজৰ কমাণ্ডিং এক সেনা শিবিৰত অস্ত্র চুৰিৰ পূর্বে গুলীয়াই হত্যা কৰিছিল৷ চহৰখনৰ এক শ্বপিং মল আৰু ৰাজপথত থ’ম্মাই জধেমধে গুলীচালনা কৰাৰ ফলত ২৬গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৫৭গৰাকী আহত হোৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ উল্লেখ্য যে শ্বপিং মলত কেইবাঘণ্টা ধৰি নিৰাপত্তা বাহিনীয়ে থ’ম্মাক কৰায়ত্ত কৰিবলৈ অভিযান চলায়৷ পুৱতিনিশা নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় অভিযুক্ত থ’ম্মা৷ এই ঘটনাৰ পিছতে থাইলেণ্ডৰ প্রধানমন্ত্রী প্রয়ুথ চান্দ–ওকাই সংবাদ মাধ্যমক জনাইছে যে এয়া অতি শিহৰণকাৰী আক্রমণৰ ঘটনা৷ নিৰাপত্তা বাহিনীৰ তৎপৰতাৰ বাবে থ’ম্মাই অধিক আক্রমণ সংঘটিত কৰিবলৈ সক্ষম নহ’ল বুলি প্রধানমন্ত্রীগৰাকীয়্ মন্তব্য কৰিছে যদিও থাইলেণ্ডৰ ইতিহাসত এয়া এক নজিৰবিহীন আক্রমণৰ ঘটনা৷