নিয়মীয়া বাৰ্তা, ১২ জুন: ডি এন ডি ফ্লাইঅভাৰৰ যমুনা খাদৰ অঞ্চলত গ্ৰেনেড উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দিল্লীৰ ময়ুৰ বিহাৰ যমুনা খাদৰ অঞ্চলত মুদ্ৰাৰ বাবে নদীত ডুব মৰা একাংশ লোকে উদ্ধাৰ কৰে গ্ৰেনেডটো। ইয়াৰ পিছতে দিল্লী আৰক্ষীক ততাতৈয়াকৈ এই বিষয়ে অৱগত কৰা হয়।
ইয়াৰ পিছতে সেই স্থানত উপস্থিত হোৱা শীৰ্ষ বিষয়াসকলে স্পেচিয়েল চেল আৰু এন এছ জিক খবৰ কৰে। তাৰ পিছতে এন এছ জিৰ দলটোৱে সেই স্থানত উপস্থিত হৈ গ্ৰেনেডটো নিষ্ক্ৰিয় কৰে। এই সংক্ৰান্তত ময়ুৰ বিহাৰ আৰক্ষী থানাত ৩৬০/২২ U/S ৪ বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এতিয়া আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।