দিল্লীৰ বৃহত্তম ক’ভিড কেন্দ্র পৰিদর্শন আইটিবিপিৰ মুৰব্বীৰ
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত গঢ়ি তোলা বৃহত্তম ক’ভিড–১৯ হাস্পতা পৰিদর্শন কৰে ইন্দো–তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) বাহিনীৰ মুৰব্বীয়ে৷ উল্লেখনীয় যে ১০ সহস্রাধিক বিছনাযুক্ত এই নতুন ক’ভিড কেন্দ্র স্থাপন কৰা হৈছে দিল্লীত৷ আই টি বি পি বর্তমান ভাৰত–চীন সীমান্তত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ (এলএচি) সুৰক্ষাৰ দায়িত্বতো নিয়োজিত হৈ আছে৷ আই টি বি পিৰ মুৰব্বী এছ এছ দেশৱালে এই ক’ভিড কেন্দ্র পৰিদর্শন কৰি কয় যে বাহিনীটো দেশৰ যিকোনো বিপদত সকলো ধৰণৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু হৈ আছে৷ উল্লেখনীয় যে ইতিমধ্যে ক’ভিড ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন ঠাইত কোৱাৰেণ্টাইন কেন্দ্র পৰিচালনাৰ দায়িত্ব প্রদান কৰা হৈছে আই টি বি পিক৷ গতিকে এই অভিজ্ঞতাৰে বাহিনীটোৰ বিষয়া তথা কর্মীসকলে দিল্লীৰ বৃহত্তম ক’ভিড কেন্দ্র সুকলমে পৰিচালনা কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে দেশৱালে৷