নিয়মীয়া বাৰ্তা, ৬ মার্চঃ ‘কা’বিৰোধী প্রতিবাদক কেন্দ্র কৰি দিল্লীত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত প্রৰোচিত কৰা আৰু ইণ্টেলিজেনছ ব্যুৰ’ৰ ড্রাইভাৰ অংকিত শর্মাৰ হত্যাৰ অভিযোগত প্রাক্তন আপ নেতা তথা কাউন্সিলৰ তাহিৰ হুছেইনক বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৷ দিল্লী আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাই দিল্লীৰ ৰৌজ এভিনিউ ক’টত আত্মসমর্পণ কৰিবলৈ যোৱাৰ সময়তে তেওঁক গ্রেপ্তাৰ কৰে ৷ উল্লেখ্য যে দিল্লীৰ হিংসাৰ সময়ত ঘৰলৈ ওভতাৰ সময়ত অংকিত শর্মাৰ নামৰ আই বিৰ কর্মচাৰীজন হত্যাৰ বলি হৈছিল আৰু আপৰ নেতাজনক তেওঁৰ হত্যাত জড়িত বুলি পৰিয়ালে অভিযোগ কৰিছিল ৷ এই ঘটনাৰ পাছতে আপে তাহিৰ হুছেইনক দলৰ পৰা নিলম্বন কৰে ৷ উল্লেখ্য যে হয়তো দণ্ডবিধিৰ ৩৬৫ আৰু ৩০২নং ধাৰাৰ অধীনত তাহিৰক গ্রেপ্তাৰ কৰা হৈছে ৷ এই গোচৰত দোষী সাব্যস্ত হ’লে আপৰ প্রাক্তন নেতাজনৰ যাৱজ্জীৱন কাৰাদণ্ড অথবা ফাঁচি হ’ব পাৰে ৷