দিল্লী কৰ্কট প্ৰতিষ্ঠানৰ ১৮জন স্বাস্থ্যকৰ্মী আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ৮এপ্ৰিলঃ দিল্লী ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ১৮গৰাকীকৈ স্বাস্থ্য কৰ্মী কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত হাস্পতালখন বন্ধ কৰি দিছে প্ৰশাসনে। এই স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত দুগৰাকী চিকিৎসক থকাৰ বিপৰীতে ১৬গৰাকী নাৰ্ছ আছে লক্ষণীয়ভাৱে ডিএছচিআইৰ অধীক্ষক ড০ বি এল শ্বেৰৱালে হাস্পতালখনত ছেনিটাইজেচনৰ বাবে ইয়াৰ ৰোগীসকলক অন্য এখন ব্যক্তিগত হাস্পতাললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমক জনাইছে। হাস্পতালখনত বৰ্তমানো ১৯গৰাকী কৰ্কটৰোগী আৱদ্ধ হৈ আছে। ইতিমধ্যে ধৰমশালা ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ সৈতে ডিএছচিএলৰ এই বিষয়টো সন্দৰ্ভত আলোচনা চলি থকা বুলি ডাঃ শ্বেৰৱালে সংবাদ মাধ্যমক জনাইছে। সংবাদসংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি হাস্পতালখনত কৰ্মৰত এগৰাকী চিকিৎসক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত দিল্লীজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত জিলা দণ্ডাধীশে হাস্পতালখন বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে যদিও ইয়াৰ চৌহদ ছেনিটাইজেচন কৰাৰ পাছত পুনৰ মুকলি কৰা হয়। দেশজুৰি ক’ৰোনাত আক্ৰান্ত বহু ৰোগীৰ চিকিৎসা কৰি থকা বহুকেইগৰাকী চিকিৎসক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে। ইফালে একে সময়তে আক্ৰান্ত হৈছে বহু নাৰ্চ।