নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত ভাৰতীয় জনতা পাৰ্টী দল । দিল্লীৰ শাসনাধিষ্ঠ দল আম আদমী পাৰ্টীক পৰাজিত কৰিবৰ বাবে এতিয়া উঠিপৰি লাগিছে বিজেপি ।
দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰচাৰ চলালে মালভিয়া নগৰত । কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে সকলোৰে ঘৰে ঘৰে গৈ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে নিৰ্বাচনী ইস্তাহাৰ বিলাই ভোটাৰৰ মাজত ।
ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে সকলোকে ভাৰতীয় জনতা পাৰ্টী দলক ভোটদান কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, ৭০ টা বিধানসভা সমষ্টিৰ দিল্লী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৮ ফেব্ৰুৱাৰী তাৰিখে ।