নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰৰ বাবে বিজেপিয়ে ৪০গৰাকী তাৰকা প্রচাৰকৰ তালিকা মুকলি কৰিছে৷
বিজেপিৰ প্রার্থীসকলৰ হৈ সকলোৰে বাবে গুৰুত্বপূর্ণ দেশৰ ৰাজধানী দিল্লীৰ নির্বাচনত প্রচাৰ চলাব এই তাৰকা প্রচাৰকসকলে৷ তাৰকা প্রচাৰকসকলৰ ভিতৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ উপৰি কেইবাগৰাকীও চিত্রতাৰকাও আছে৷
হেমা মালিনী, ছানী দেউলৰ উপৰি কেইবাগৰাকীও ভোজপুৰী ছবিৰ অভিনেতায়ো বিজেপিৰ হৈ প্রচাৰ চলাব দিল্লীত৷ দিল্লীত বিজেপি, জেডি(ইউ) আৰু এলজেপিয়ে মিত্রতাৰে প্রতিদ্বন্দ্বিতা কৰিছে৷