নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ আগন্তুক ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত উত্তপ্ত হৈছে দেশৰ ৰাজধানীৰ ৰাজনীতি৷
ইতিমধ্যে প্রচাৰৰ বাবে বিভিন্ন দলে কেন্দ্রীয় শাসিত ৰাজ্যখনত তাৰকা প্রচাৰকৰ তালিকা প্রকাশ কৰিছে৷ শেহতীয়াকৈ শাসকীয় আম আদমী পার্টী (আপ)য়েও ঘোষণা কৰিছে তাৰকা প্রচাৰকৰ এক তালিকা৷ এই তাৰকা প্রচাৰকসকলৰ নেতৃত্বত আছে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়া, সংগীতজ্ঞ বিশাল ডাডলানি প্রমুখ্যে মুঠ ৩৯গৰাকী তাৰকা প্রচাৰকে দিল্লী বিধানসভা নির্বাচনত আপৰ হৈ প্রচাৰ চলাব৷
উল্লেখনীয় যে আপৰ পঞ্জাব গোটৰ মুৰব্বী ভাগৱত মান, দিল্লীৰ ৰাজ্যিক গোটৰ আহ্বায়ক গোপাল ৰায়, ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সুশীল গুপ্তা, এনডি গুপ্তা প্রমুখ্যে নেতাসকলক তাৰকা প্রচাৰক হিচাপে বিধানসভা নির্বাচনৰ প্রচাৰত নমাব আপে৷ ইয়াৰ উপৰি কেবিনেট মন্ত্রী সত্যেন্দ্র জৈন, ইমৰান হুছেইন, ৰাজেন্দ্র পাল গৌতম, কৈলাশ গেহলট প্রমুখ্যে নেতাসকলকো প্রচাৰত নমাব দলটোৱে৷