দিল্লী শ্বাহিনবাগৰ ‘কা’বিৰোধী প্রতিবাদ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা
উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতাকাৰীৰ আশা
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ দেশৰ ৰাজধানী দিল্লীৰ শ্বাহিনবাগত চলি থকা ‘কা’বিৰোধী প্রতিবাদ অন্য স্থানলৈ স্থানান্তৰিত হোৱাৰ আশা ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ৰ নিযুক্ত মধ্যস্থতাকাৰীয়ে৷ ‘কা’ৰ বিৰুদ্ধে যোৱা ১৫ ডিচেম্বৰৰ পৰা শ্বাহিনবাগত চলা প্রতিবাদে অঞ্চলটোৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ যাতায়াতত ব্যাঘাত জন্মোৱাৰ পৰিপ্রেক্ষিততে প্রতিবাদ অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্রত প্রতিবাদকাৰীক সৈমান কৰাবলৈ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তিনি মধ্যস্থতাকাৰীৰ ভিতৰত সঞ্জয় হেগৰে আৰু সাধনা ৰামচন্দনে কালি দ্বিতীয়বাৰৰ বাবে আলোচনাত মিলিত হৈছিল৷ আলোচনাৰ সময়ত প্রতিবাদকাৰীক হোলীৰ উপহাৰ হিচাপে শ্বাহিনবাগৰ প্রতিবাদকাৰীক তেওঁলোকৰ স্থান অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ আহ্বান জনায়৷ মধ্যস্থতাকাৰীৰ সৈতে আলোচনাত ইতিবাচক ইংগিত লাভ কৰাৰ প্রসংগৰে মধ্যস্থতাকাৰী দুগৰাকীয়ে হোলীৰ পিছতে প্রতিবাদ স্থানান্তৰিত হ’ব বুলি আশা ব্যক্ত কৰিছে৷ উল্লেখ্য যে যোৱা এক মার্চত শ্বাহিনবাগত ১৪৪ ধাৰা বলৱৎ কৰি নিৰাপত্তা বাহিনী মোতায়েন কৰিছে৷