নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্রী তথা জনতা দল (ইউ)ৰ নেতা নীতিশ কুমাৰে একেখন মঞ্চত অংশগ্রহণ কৰা ঘটনাই আগন্তুক বিহাৰৰ ৰাজনীতিত বিশেষ প্রভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে৷
স্মর্তব্য যে ২০১৭ৰ জুলাইত জনতা দল (ইউ) বিজেপি নেতৃত্বাধীন এনডিএলৈ উভতি অহাৰ পিছত প্রথমবাৰলৈ নীতিশ কুমাৰ আৰু শ্বাহে কোনো নির্বাচনী সমাৱেশত একেখন মঞ্চত অংশগ্রহণ কৰিছে৷ চলিত বর্ষৰ শেষৰফালে বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন৷ এই নির্বাচনৰ পূর্বে শ্বাহৰ সৈতে দিল্লীত বিজেপিৰ হৈ নীতিশ কুমাৰে প্রচাৰ চলোৱাৰ পিছত এটা কথা স্পষ্ট হৈছে যে বিহাৰৰ নির্বাচনত বিজেপিৰ সৈতে সম্পর্ক অটুট থাকিব জনতা দল (ইউ)ৰ৷ গতিকে আগন্তুক বিহাৰ বিধানসভা নির্বাচনৰ বাবে দিল্লীৰ পৰা বার্তা প্রেৰণ কৰিছে দুয়োগৰাকী নেতাই৷ নির্বাচনী বিশ্লেষকসকলে দুয়োগৰাকী নেতাৰ প্রচাৰক বিশেষ গুৰুত্ব প্রদান কৰিছে৷