নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুখীয়া অটোচালকৰ বিৰুদ্ধে চালান আৰক্ষীৰ

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ দিল্লীত দুখীয়া অটোচালকে অটোৰিক্সাত ‘আই লাভ কেজৰিৱাল’ লিখি লোৱাৰ বাবেই আৰক্ষীয়ে চালান কটা ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কেন্দ্রীয় শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে বিজেপি আৰু দিল্লী আৰক্ষীক ক্ষুৰধাৰ সমালোচনা কৰি কৈছে যে এই চালান ভুৱা৷

ছ’চিয়েল মিডিয়া টুইটাৰত কেজৰিৱালে অভিযোগ কৰিছে যে দুখীয়া অটোৰিক্সা চালকসকলৰ বিৰুদ্ধে বিজেপিয়ে এতিয়া এনে ভুৱা চালান কটাৰ ব্যৱস্থা লৈছে৷ দুখীয়া অটোচালকসকলৰ বিৰুদ্ধে এনেধৰণৰ ব্যৱস্থা বিজেপিয়ে গ্রহণ কৰাটো কোনোধৰণে গ্রহণযোগ্য নহয় বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ শীঘ্রে দিল্লী আৰক্ষী আৰু বিজেপিক এই ভুৱা চালান কটাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে৷

ইফালে, দিল্লী উচ্চ ন্যায়ালয়ে জনৈক ৰাজেশ নামৰ অটোচালক এজনৰ আবেদনৰ ভিত্তিত এই ঘটনা সন্দর্ভত চৰকাৰ, আৰক্ষী আৰু নির্বাচন আয়োগলৈ জাননী জাৰি কৰিছে৷ ৰাজেশক ১৫ জানুৱাৰীত ১০ হাজাৰ টকাৰ জৰিমনা বিহিছিল আৰক্ষীয়ে৷

You might also like