নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দুটাতকৈ বেছি সন্তান কিয়? মধ্য প্রদেশত কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হ’ল ৰাজ্য চৰকাৰৰ এহাজাৰ কর্মী তথা শিক্ষকক৷ এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ ইতিমধ্যে এই জাননী সন্দর্ভত ১৬০গৰাকী শিক্ষকে উত্তৰ দিছে৷ অধিকাংশ শিক্ষকৰে দাবী, যেতিয়া চাকৰিত যোগ দিছিল তেতিয়া এনেধৰণৰ কোনো নিয়ম তেওঁলোকক জনোৱা হোৱা নাছিল৷ একাংশই আকৌ উল্লেখ কৰিছে যে বন্ধ্যাত্বকৰণ কৰালেও কোনো ধৰণৰ কামত অহা নাই৷ একাংশই আকৌ উল্লেখ কৰিছে যে তেওঁলোকৰ তৃতীয় সন্তানক কোনো আত্মীয়ক দান হিচাপে অর্পণ কৰিছে৷ কিন্তু হঠাতে এই প্রসংগ কিয় উত্থাপন কৰিছে চৰকাৰে, তাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷
স্মর্তব্য যে এগৰাকী বিধায়কে এক পুৰণি আইনৰ প্রসংগ উত্থাপন কৰিছে৷ ২০০০ চনত মধ্য প্রদেশ চৰকাৰৰ তৰফৰ পৰা এক নির্দেশ জাৰি কৰা হৈছিল৷ তাত উল্লেখ কৰা হৈছিল যে ২০০১ চনৰ ২৬ জানুৱাৰীৰ পিছত যদি শিক্ষা দপ্তৰৰ কোনো কর্মী বা শিক্ষকৰ তৃতীয় সন্তান জন্ম হয়, তেন্তে তেওঁলোকক চাকৰিৰ পৰা বর্খাস্ত কৰা হ’ব৷ বিধানসভাত সেই বিষয়টোক লৈ প্রশ্ণৰ অৱতাৰণা হোৱাৰ পিছতে ৰাজ্যৰ শিক্ষা দপ্তৰৰ পৰা এই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছে৷ বিষয়টোক লৈ বিভিন্ন মহলত সৰৱ চর্চা চলিছে৷