নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ১৪ ঘণ্টীয়া ‘জনতা কার্ফিউ’ৰ আহ্বান মোদীৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অহা ২২ মার্চ, দেওবাৰে ‘জনতা কার্ফিউ’ পালনেৰে ঘাতক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰা তথা সজাগতামূলক পদক্ষেপ গ্রহণ কৰিবলৈ দেশবাসীৰ প্রতি আহ্বান জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মহামাৰী ক’ভিড–১৯ এ দেশজুৰি আতংক সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ২২ মার্চৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ মুঠ ১৪ ঘণ্টা ‘জনতা কার্ফিউ’ পালন কৰিবলৈ জনসাধাৰণক বিনম্রতাৰে আহ্বান জনায়৷

এইক্ষেত্রত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক এই কার্ফিউ পালন কৰাৰ বাবে উৎসাহিত কৰিবলৈকো পৰামর্শ আগবঢ়ায়৷ ‘জনতা কার্ফিউ’ পালন কৰাটো আমাৰ কাৰণে, দেশৰ কাৰণে লিটমাছ টেষ্ট হ’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই আন্তর্জাতিক পর্যায়ত ক’ৰোনাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত ভাৰতে কেনেদৰে প্রস্তুত হৈছে, তাক পৰীক্ষা কৰাৰ৷ তদুপৰি যদি সম্ভৱ প্রতিগৰাকী ব্যক্তিকে অতি কমেও ১০জন লোকৰ সৈতে ফোনযোগে বার্তালাপ কৰি ভাইৰাছৰ পৰা কেনেদৰে সুৰক্ষিত হ’ব পাৰি, সেই সন্দর্ভত ব্যাখ্যা কৰিবলৈও আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷ পৰৱর্তী দুদিন ধৰি দেশৰ যুৱ শক্তিৰ সংগঠন এন চি চি, এন এছ এছ, নাগৰিক সমাজ আৰু সকলো ধৰণৰ সংগঠনক জনতা কার্ফিউ সন্দর্ভত সজাগতা সৃষ্টি কৰিবলৈও কয় প্রধানমন্ত্রী মোদীয়ে৷ ভাৰতৰ দৰে বৃহৎ জনসংখ্যাৰ দেশখন ক’ৰোনা ভাইৰাছৰ বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ধৈর্য আৰু দৃঢ়তাৰ জৰিয়তে ইয়াৰ বিৰুদ্ধে যুঁজিব পৰা যাব৷ নিজৰ লগতে দেশক আৰু বিশ্বক বচোৱাৰ বাবে আমাৰ ১৩০ কোটি নাগৰিকে এই সংকট নিজৰ সংকট আৰু সমস্যা বুলি গণ্য কৰি দায়িত্ব–কর্তব্য পালন কৰাৰ আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷

জনতাক সম্বোধি প্রধানমন্ত্রীয়ে কয়– মই দেশবাসীৰ পৰা কেইটামান সপ্তাহ বিচাৰিছোঁ৷ ক’ৰোনা ভাইৰাছৰ বাবে এতিয়া সমগ্র মানৱ জাতি সংকটৰ গৰাহত৷ ক’ৰোনাৰ পৰা আমি মুক্ত নহয়৷ সাৱধানতা অৱলম্বন কৰাৰ লগতে সংকল্প আৰু সংযম মানি চলা উচিত হ’ব৷ এই ভাইৰাছৰ সংক্রমণৰ পৰা নিজৰ লগতে আনকো ৰক্ষা কৰাৰ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে কয় যে সামাজিক দূৰত্ব বর্তাই ৰখাটো জটিল যদিও এই সময়ত ই অতি ফলদায়ক৷ জনসাধাৰণক ভিৰ সমাগমৰ পৰা আঁতৰি থকাৰ লগতে ঘৰৰ পৰাও পৰাপক্ষত নোলাবলৈ তেওঁ আহ্বান জনায়৷ ভাষণ প্রসংগত প্রধানমন্ত্রীজনে কয়– ক’ৰোনা ভাইৰাছৰ প্রতিষেধক এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই৷ ক’ৰোনাই মানৱ জাতিক সংকটত পেলাইছে৷ আমি সকলোৱে মিলি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিব লাগিব৷ প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো আনকি বিশ্ববাসীয়ে এনে শংকাৰ মাজত পৰা নাছিল৷ প্রধানমন্ত্রী মোদীয়ে দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ প্রতি আহ্বান জনাই তেওঁলোকক ঘৰৰ পৰা এই সময়ছোৱাত নোলাবলৈ পৰামর্শ দিয়ে৷

ইফালে, অহা ২২ মার্চত জনতাৰ কার্ফিউ পালন কৰা সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয়– এয়া এক আত্মসংযমৰ প্রয়াস৷ ইয়াৰ সফলতাই আমাক অনাগত প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ প্রস্তুত কৰিব৷ চৰকাৰ, বিভিন্ন বেচৰকাৰী সংগঠনকে ধৰি জনতাকো অহা দেওবাৰৰ এই জনতা কার্ফিউ সফল কৰি তুলিবলৈ সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়৷ জনতাৰ কার্ফিউৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশ কিমান প্রস্তুত, সেয়া নির্ণয় কৰিবলৈ সক্ষম হ’ব বুলি প্রধানমন্ত্রী মোদীয়ে মন্তব্য কৰে৷ আনহাতে, দেশৰ সংকটকালীন অৱস্থাত জৰুৰী সেৱাত ব্রতী লোকসকলক ২২ মার্চৰ সন্ধিয়া ৫ বজাত হাততালি, কাঁহী, টিলিঙা আদি বজাই কৃতজ্ঞতা জনাবলৈ জনসাধাৰণৰ প্রতি তেওঁ আবেদন জনায়৷ তেওঁ কয় যে চিকিৎসাকর্মী, আৰক্ষী, চৰকাৰী কর্মচাৰী, বিমানবন্দৰৰ কর্মচাৰী, সংবাদ মাধ্যমৰ লোক, বাছ, ৰে’ল, অটোচালক আদিৰ লগতে হোম ডেলীভাৰী সেৱা প্রদান কৰা লোকসকলৰ দৰে এচাম সাহসী লোকে অহৰহ এই ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷ দেশৰ সংকটকালত এইসকল লোকৰ প্রতি কৃতজ্ঞতা তথা শ্রদ্ধা জ্ঞাপন কৰিবলৈ প্রধানমন্ত্রীয়ে পৰামর্শ দিয়ে৷ ইফালে, চৰকাৰী আৰু বেচৰকাৰী সকলো প্রতিষ্ঠানৰ কর্মচাৰীৰ দৰমহা কর্তন নকৰিবলৈ কর্তৃপক্ষক আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷ তেওঁ কয় যে কর্মচাৰীসকলেও এই মহামাৰীৰ পৰা নিজৰ লগতে পৰিয়ালক বচাব লাগিব৷ প্রধানমন্ত্রী মোদীয়ে আৰু কয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত দেশৰ অর্থনীতিত তীব্র প্রভাৱ পৰিছে৷ এই সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰে বিত্তমন্ত্রী সীতাৰমণৰ অধীনত এক ‘ক’ভিড–১৯ ইকন’মিক ৰেছপনছ টাস্ক ফ’চ’ গঠনৰ প্রস্তুতি চলোৱা বুলিও মন্তব্য কৰে৷ এই টাস্ক ফ’র্চে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰি তেওঁলোকৰ মতামত গ্রহণ কৰি সামগ্রিক প্রেক্ষাপটৰ বুজ ল’ব আৰু তথ্যৰ ভিত্তিত ইতিমধ্যে উদ্ভৱ হোৱা প্রত্যাহ্বানৰ মুখামুখি হ’বলৈ যাৱতীয় সিদ্ধান্ত গ্রহণ কৰিব৷

অত্যাৱশ্যকীয় সামগ্রীৰ নাটনি নহ’বলৈ চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব বুলি মন্তব্য কৰি অপ্রয়োজনীয়ভাৱে ঘৰত খাদ্য–সামগ্রী মজুত নকৰিবলৈও দেশবাসীক আহ্বান জনায়৷ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে পৰিস্থিতি সন্দর্ভত চৰকাৰে সূক্ষ্ম নিৰীক্ষণ চলাই আছে৷ ক’ৰোনাৰ সম্প্রসাৰণৰ তথ্য নিৰীক্ষণ কৰি আছে৷ বিগত দুমাহ ধৰি হাস্পতাল আৰু বিমানবন্দৰত লক্ষাধিক লোকে দিনে–নিশাই কাম কৰি আছে চিকিৎসকৰ পৰা নার্ছলৈকে, চিকিৎসা কর্মচাৰীয়ে অহৰহ সেৱা আগবঢ়াই আছে৷ ক’ৰোনা ভাইৰাছক লৈ উৰাবাতৰিত বিশ্বাস নকৰিবলৈ জোৰ দিয়ে প্রধানমন্ত্রী মোদীয়ে৷

You might also like