নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি আকাশত উৰিব বায়ুসেনাৰ যুদ্ধবিমান

নিয়মীয়া বাৰ্তা, ২মেঃ নিজৰ জীৱনকো সংকটত পেলাই ক’ৰোনাৰ বিৰুদ্ধে অহৰহ যুঁজ দি অহা চিকিৎসক–স্বাস্থ্যক সন্মান জনাবৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ভাৰতীয় সেনাই৷ আজি সন্ধিয়া ৬ বজাত এখন সংবাদ মেলত এই বিষয়ে জানিবলৈ দিয়ে চীফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে৷ তেওঁ জনায় যে অহা দেওবাৰে অর্থাৎ ৩ মে’ত ভাৰতীয় স্থলবাহিনী, নৌবাহিনী আৰু বিমান বাহিনীৰ সহযোগত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক–নার্ছ–স্বা, আৰক্ষী আৰু জৰুৰী সেৱাত যুক্ত হৈ থকা ব্যক্তিসকলক সন্মান জনাব ৷

চীফ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাটে জনোৱা মতে, বিমান বাহিনীৰ এটা শাখাই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু অসমৰ ডিব্রুগড়ৰ পৰা কচ্চপর্যন্ত ফ্লাইপাষ্ট কৰিব৷ এই ফ্লাইপাষ্টত পৰিবহণ বিমানৰ লগতে যুদ্ধ বিমানেও অংশ ল’ব৷ আনহাতে, সশস্ত্র বাহিনীয়েও ক’ৰোনা যুদ্ধৰ যোদ্ধাসকলক সন্মান জনাব৷ চি ডি এছজনে জনোৱা মতে, সেনা বাহিনীয়ে দেশৰ প্রতিখন ক’ৰোনা হাস্পতালত মাউণ্টেইন বেণ্ড প্রদর্শন কৰিব৷ আৰক্ষী বাহিনীৰ সমর্থনৰ বাবে আৰক্ষীৰ স্মৃতিসৌধতো পুষ্পাঞ্জলি কৰিব৷ আনহাতে, নৌসেনা বাহিনীয়ে সমুদ্রৱর্তী এলেকাত যুদ্ধ জাহাজত লাইট জ্বলাই সন্মান জনাব ভাৰতৰ ক’ৰোনা যোদ্ধাসকলক৷ সংবাদ মেলত ভাৰতীয় সেনাৰ তিনিওটা বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল৷

You might also like