নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ সমগ্র দেশতে ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰাৰ কোনো সিদ্ধান্ত গ্রহণ কৰা নাই নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে৷ মঙলবাৰে লোকসভাৰ মজিয়াত এই ঘোষণা গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাইৰ৷ দেশজুৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত হ’ব বুলি ব্যাপক ক্রিয়া–প্রতিক্রিয়া হৈ থকাৰ সময়তে গৃহ ৰাজ্যমন্ত্রীজনৰ এই ঘোষণা বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷
উল্লেখ্য যে কালি লোকসভাৰ প্রশ্নোত্তৰ কালত নাগৰিকত্ব সংশোধনী আইন, ডিটেনচন কেম্প, এনআৰচি, এনপিআৰক লৈ অসংখ্য প্রশ্ন ডত্থাপিত হোৱা পৰিলক্ষিত হয়৷ লক্ষণীয়ভাৱে নাগৰিকপঞ্জী সংক্রান্তীয় এক প্রশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে স্পষ্ট কৰি দিয়ে যে দেশজুৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰাৰ কোনা সিদ্ধান্ত কেন্দ্রীয় চৰকাৰে এতিয়ালৈকে গ্রহণ কৰা নাই৷ বাস্তৱত এই সন্দর্ভত কেইবাটাও প্রশ্নৰ উত্তৰত মন্ত্রীজনে এই একেইখিনি কথা দোহাৰে৷ যোৱা বছৰ সংসদৰ উভয় সদনত দেশজুৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে খোদ কমেও ৯বাৰকৈ বিবৃতি দিছিল৷ ইয়াৰ পিছত সংসদৰ মজিয়াত গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাইৰ আজিৰ বিবৃতি যথেষ্ট গুৰুত্বপূর্ণ৷ আনহাতে নাগৰিকত্ব সংশোধনী আইন সম্পক্য় এক প্রশ্ণৰ ডত্তৰত মন্ত্রীজনে স্পষ্ট কৰি দিয়ে যে এইখন আইন সম্পূর্ণৰূপে কেন্দ্রীয় চৰকাৰৰ এক্তিয়াৰভুক্ত৷ সংবিধানপ্রদত্ত কর্তৃত্বৰ জৰিয়তেই নাগৰিকত্ব সংশোধনী আইন প্রণয়ন কৰা হৈছে৷ ৰাজস্থান, কেৰালা চৰকাৰে আইনখনৰ বিৰুদ্ধে লোৱা সংকল্প প্রস্তাৱ কেন্দ্রলৈ প্রেৰণ কৰাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে কেৰালা চৰকাৰে আনকি আইনখনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰদ্বাৰস্থ হৈছে৷ পিছে বিশ্বৰ যিকোনো ধর্মাৱলম্বী লোকেই ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে বুলিও মন্ত্রী ৰায়ে লগতে স্পষ্ট কৰি দিয়ে৷ এক সুনির্দিষ্ট প্রক্রিয়াৰ জৰিয়তে তথা আইনখনত থকা প্রবধানৰ জৰিয়তে বিশ্বৰ সকলো ধর্মাৱলম্বী লোকেই ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে৷
উল্লেখ্য যে অলপতে সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দেও অনুৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছিল৷ লক্ষণীয়ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি চলি থকা আন্দোলন সন্দর্ভত কেন্দ্রীয় চৰকাৰ অৱগত বুলি মন্ত্রী ৰায়ে আন এক প্রশ্নৰ উত্তৰত সদনত উল্লেখ কৰে৷ আনহাতে অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত নাম নথকা লোকসকলৰ বাবে কোনো ডিটেনচন কেম্প নির্মাণ কৰি থকা হোৱা নাই বুলিও মন্ত্রীজনে আজি স্পষ্ট কৰি দিয়ে৷ আনহাতে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিছত ৰাজ্যৰ ডিটেনচন কেম্পত বন্দী হিন্দু বাংলাদেশীক মুক্তি দিব পৰাকৈ কেন্দ্রীয় চৰকাৰে কোনো নির্দেশ জাৰি কৰা নাই৷ কাৰণ সংশোধিত আইনখনত ডিটেনচন কেম্পত বন্দী লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিব পৰাকৈ কোনো বিষয় সন্নিৱিষ্ট কৰা হোৱা নাই৷ লোকসভাৰ প্রশ্ণোত্তৰ কালত সাংসদ আব্দুল খালেকৰ এক প্রশ্নৰ উত্তৰত বিভাগীয় কনিষ্ঠ মন্ত্রীজনে এই কথা জনাই লগতে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম–কানুন প্রস্তুত হোৱা নাই৷ নিয়ম–কানুনসমূহৰ্ জাননী জাৰি কৰাৰ পিছতহে ২০১৪ চনৰ ডিচেম্বৰলৈকে ভাৰতত প্রৱেশ কৰা চুবুৰীয়া ৰাষ্ট্রৰ সংখ্যালঘু লোকসকলে নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব৷
আনহাতে অসমৰ ডিটেনচন কেম্পত বন্দী হিন্দু বাংলাদেশীক মুক্তি দিবলৈ নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিছত কেন্দ্রৰ পৰা ৰাজ্য চৰকাৰক কোনো ধৰণৰ নির্দেশ প্রদান কৰা হোৱা নাই যদিও ২০১৬ চনৰ জানুৱাৰী মাহত কেন্দ্রই প্রেৰণ কৰা এক বিজ্ঞপ্তিৰ কথা মন্ত্রী ৰায়ে সদনক অৱগত কৰে৷