নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি এফচিআইৰ গুদামত নষ্ট হৈছে ৪০ হাজাৰটন খাদ্য

নিয়মীয়া বাৰ্তা, ৪জুলাইঃ কেন্দ্রীয় চৰকাৰে ৮০ কোটি নাগৰিকক বিনামূলীয়া খাদ্য যোগান ধৰাৰ ঘোষণা কৰাৰ সময়তে বিগত ৬ বছৰত চৰকাৰী গুদামত অর্থাৎ এফচিআইৰ গুদামত ৪০ হাজাৰটন খাদ্যসামগ্রী নষ্ট হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

দিল্লীস্থিত গোবিনন্দন নামপুথিৰি নামৰ আৰটিআই কর্মী এগৰাকীয়ে ফুড কর্প’ৰেচন অৱ ইণ্ডিয়া (এফচিআই)ৰ পৰা লাভ কৰা তথ্য মতে, ২০১৪ চনৰ পৰা দেশজুৰি থকা এফচিআইৰ গুদামত ৪০,৫৪৬ টন খাদ্যসামগ্রী নষ্ট হৈ গৈছে৷ এই খাদ্যসামগ্রীৰ ভিতৰত চাউল, ঘেঁহু প্রধানতঃ৷

আৰটিআইৰ তথ্য মতে, ২৩খন ৰাজ্যৰ গুদামত অযতনেৰে ৰখাৰ বাবে এই খাদ্য বিনষ্ট হৈছে৷ তালিকাত মহাৰাষ্ট্রত ৮,১৯১ টনেৰে শীর্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত ৭,১০৯ টনৰেৰে ওড়িশা আছে৷ ৬,১২০ টনেৰে তৃতীয় স্থানত আছে জম্মু–কাশ্মীৰ৷ গুৰুত্বপূর্ণ যে এই সময়ছোৱাত মণিপুৰ আৰু অৰুণাচল প্রদেশৰ এফচিআই গুদামত অলপো খাদ্যসামগ্রী নষ্ট হোৱা নাই৷

You might also like