দেশজুৰি ‘কা’বিৰোধী বিক্ষোভৰ পৰিকল্পনা
নিয়মীয়া বাৰ্তা ১১ ফেব্রুৱাৰীঃ সংশোধিত নাগৰিকত্ব আইন (কা) আৰু এনআৰচিৰ বিৰুদ্ধে পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পিএফআই)ই দেশজুৰি বৃহৎ প্রতিবাদী কার্যসূচী গ্রহণৰ তৎপৰতা চলাইছে৷ পিএফআয়ে ইয়াৰ ৰাজনৈতিক শাখা এছডিপিআইৰ জৰিয়তে পাঁচ সহস্রাধিক স্থানত ‘কা’ আৰু এনআৰচিবিৰোধী প্রতিবাদী কার্যসূচী গ্রহণ কৰিব৷ শেহতীয়াকৈ চোৰাংচোৱাই এই তথ্য লাভ কৰাৰ পিছতে এক প্রতিবেদন প্রেৰণ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ লক্ষণীয়ভাৱে এনপিআৰৰ বাবে কোনো ধৰণৰ নথি জনসাধাৰণক জমা নিদিবলৈ আহ্বান জনাই পিএফআয়ে দেশৰ বিভিন্ন ৰাজ্যত ঘৰে ঘৰে সজাগতা অভিযানো আৰম্ভ কৰিব৷ স্মর্তব্য যে মুছলমান সংগঠনসমূহে পিএফআইৰ জৰিয়তে উমৈহতীয়াভাৱে দেশজুৰি ‘কা’ আৰু এনআৰচিবিৰোধী প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ সময়ত আইন–শৃংখলা পৰিস্থিতিলৈ ভাবুকি আহি পৰিব বুলিও চোৰাংচোৱাই সতর্কবাণী কৰিছে৷