নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত আক্রান্তৰ সংখ্যা ৮৭৪ লৈ বৃদ্ধিঃ মৃতকৰ সংখ্যা ২১

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ মহামাৰী ক’ভিড-১৯ ৰ সংক্ৰমণে ভাৰতত এক ভয়াৱহ ভৱিষ্যাতৰ ইংগিত দিছে । শুকুৰবাৰে নতুনকৈ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত দুজন লোকৰ মৃত্যু হয় । ফলত শনিবাৰে পুৱা পৰ্যন্ত ভাৰতত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে ।

শেহতীয়া তথ্য মতে আজিৰ দিনটোলৈ ভাৰতত ৮৭৪ লোক ক’ৰোনাত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ১৪৯ জন লোক আক্ৰান্ত হৈছে ।

You might also like