নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত আৰোগ্যৰ হাৰ ১৪ দিনত ২৫.১৯ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১ মেঃ কেন্দ্রীয় স্বাস্থ্য আৰু গৃহ মন্ত্রালয়ে বৃহস্পতিবাৰে প্রকাশ কৰা তথ্য অনুসৰি ভাৰতত যোৱা ১৪ দিনত ক’ৰোনাত আক্রান্তৰ আৰোগ্যৰ সংখ্যাৰ হাৰ ২৫.১৯ শতাংশলৈ বৃদ্ধি পাইছে ৷ যুটীয়া সচিব লাভ আগৰৱালে জনোৱা মতে যোৱা ২৪ ঘণ্টাত দেশত ৫৩০জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ তেওঁ আৰু কয় যে দেশত মৃত্যুৰ হাৰ ৩.২ শতাংশ ৷ ইয়াৰে পুৰুষ ৰোগী ৬৫ শতাংশ আৰু মহিলা ৰোগী ৩৫ শতাংশ ৷ মৃত লোকসকলৰ ১৪ শতাংশ ৪৫ বছৰ অনূর্ধ্বৰ, ৩৪.৮ শতাংশ ৪৫–৬০ বছৰ ভিতৰৰ আৰু ৫১.২ শতাংশ লোক ৬০ বছৰৰ ঊর্ধ্বৰ ৷

You might also like