নিয়মীয়া বাৰ্তা, ১৮ মে’: এপ্রিলত দেশত পাইকাৰী মুদ্রাস্ফীতি ১০.৪৯ শতাংশলৈ বৃদ্ধি পাইছে৷ বিগত মার্চ মাহৰ তুলনাত প্রায় চাৰি শতাংশ পাইকাৰী মুদ্রাস্ফীতি বর্ধিত হৈছে৷ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ ইন্ধনৰ বিশেষকৈ পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত মুদ্রাস্ফীতি প্রায় ২১ শতাংশ বৃদ্ধিৰ লগতে নির্মিত সামগ্রীৰ মূল্যবৃদ্ধিয়ে এপ্রিলত পাইকাৰী মুদ্রাস্ফীতি বৃদ্ধিৰ মূল কাৰক৷
মন্ত্রালয়ৰ তথ্যত প্রকাশ পোৱা মতে এপ্রিল মাহত খাদ্য সামগ্রীৰ মূল্য ৪.৯২ শতাংশ বৃদ্ধি পাইছে৷ নির্মিত সামগ্রীৰ মূল্য ৯.০১ শতাংশ বৃদ্ধি পাইছে৷ তেনেদৰে ইন্ধন আৰু বিদ্যুতৰ মূল্য প্রায় ২১ শতাংশলৈকে বৃদ্ধি হৈছে৷ বিগত বর্ষৰ এপ্রিল মাহত ফলমূল, কণী, মাংস, দাইল আদিৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত মুদ্রাস্ফীতি ১০.১৬ শতাংশলৈ বৃদ্ধি পাইছিল৷ সেই সময়ত দেশজুৰি ক’ভিড লকডাউন চলাৰ পৰিপ্রেক্ষিতত পাইকাৰী মুদ্রাস্ফীতি বৃদ্ধি পাইছিল৷ কিন্তু চলিত বর্ষৰ এপ্রিল মাহত দেশজুৰি সম্পূর্ণ লকডাউন হোৱা নাই৷ অথচ পাইকাৰী মুদ্রাস্ফীতি বর্ধিত হৈছে৷