নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ কর্ণাটকৰ বাংগালুৰু দক্ষিণ সমষ্টিৰ বিজেপি সাংসদ তেজস্বী সূর্যই শেহতীয়াকৈ মন্তব্য কৰিছে যে দেশৰ সংখ্যাগৰিষ্ঠ সম্প্রদায় সতর্ক নহ’লে ভাৰতত আকৌ এবাৰ মোগলৰ শাসন প্রতিষ্ঠা হ’ব৷ কালি দিল্লীৰ শ্বাহিনবাগত চলি থকা নাগৰিকত্ব সংশোধনী আইন (কা’)বিৰোধী প্রতিবাদ সন্দর্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি বিজেপি সাংসদগৰাকীয়ে এই মন্তব্য কৰিছে৷ উল্লেখনীয় যে লোকসভাত ৰাষ্ট্রপতিৰ ভাষণৰ ধন্যবাদসূচক মন্তব্যৰ সময়তে এই বিতর্কিত বক্তব্য আগবঢ়াইছে তেজস্বী সূর্যই৷