নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে বিশ্বৰ প্ৰতিখন দেশেই সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই যুঁজত ভাৰত আন দেশসমূহৰ তুলনাত যথেষ্ট আগবাঢ়ি আছে । ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড-১৯ ৰ যুঁজত দেশ সফল হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ভাৰতৰ প্ৰতি ১০ লাখ মানুহৰ মাত্ৰ ৯ জন ব্যক্তিহে ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে । এই পৰিসংখ্যা বিশ্বৰ অন্যান্য দেশসমূহৰ তুলনাত সর্বনিম্ন৷ সর্বাধিক আক্রান্ত দেশ যেনে– স্পেইনত প্রতি ১০ লাখ লোকৰ বিপৰীতে আক্রান্ত হৈছে ৩,৮৬৪জন৷ আনহাতে, ইউৰোপৰ আন দুখন দেশ ইটালী আৰু ফ্রান্সত প্রতি ১০ লাখ মানুহৰ বিপৰীতে আক্রান্তৰ সংখ্যা হ’ল ক্রমে ২,৭৩২জন আৰু ২,২৬৫জন৷ ইফালে, বর্তমান বিশ্বৰ ভিতৰতে সর্বাধিক লোকৰ মৃত্যু হোৱা তথা সর্বাধিক লোক আক্রান্ত হোৱা আমেৰিকাত প্রতি ১০ লাখ লোকৰ বিপৰীতে সংক্রমিত হোৱা ব্যক্তিৰ সংখ্যা হ’ল ১,৯৪৬জন৷ মৃতকৰ পৰিসংখ্যাৰ ফালৰ পৰাও ভাৰতৰ স্থান সর্বনিম্ন৷ স্পেইনত প্রতি ১০ লাখ লোকৰ বিপৰীতে সর্বাধিক ৪০২জন লোকৰ মৃত্যু হৈছে৷ আনহাতে, এইক্ষেত্রত ভাৰতত মৃতকৰ সংখ্যা হ’ল প্রতি ১০ লাখত মাত্র ০.৩জন৷ ইটালী আৰু ফ্রান্সত প্রতি ১০ লাখ লোকৰ বিপৰীতে মৃত্যু হৈছে ৩৫৮ আৰু ২৬৩জন৷ ইফালে, এই ভাইৰাছত আক্রান্তৰ সংখ্যা দুগুণ হ’বলৈ ভাৰতে অধিক দিন লৈছে৷ স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে যি সময়ত আমেৰিকা, ফ্রান্স, ব্রিটেইন আদি দেশসমূহত আক্রান্ত লোকৰ সংখ্যা দুগুণ হ’বলৈ দুদিন বা তিনি দিন সময় লৈছে, সেই সময়ত ভাৰতে লৈছে চাৰি দিন৷