নিয়মীয়া বাৰ্তা, ১৯ মে’ঃ মহামাৰী ক’ভিড–১৯এ বিধ্বস্ত কৰি তুলিছে অর্থনীতি৷ লকডাউনৰ ফলত দেশৰ অর্থনীতি বিধ্বস্ত হৈ পৰাত কোটি কোটি ভাৰতীয়ই হেৰুৱাব সংস্থাপন৷ দেশৰ উদ্যোগ ক্ষেত্রলৈ অশনি সংকেত কঢ়িয়াই অনাৰ ক’ভিড–১৯ সংকটৰ ফলত দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাব৷ আন্তর্জাতিক ব্যৱস্থাপনা পৰামর্শদাতা সংস্থা আর্থাৰ ডি লিটলে প্রকাশ কৰা প্রতিবেদনত ভাৰতত সংস্থাপন হেৰুওৱা আৰু দৰিদ্রতাৰ দিশে আগবঢ়া লোকৰ ভয়াৱহ তথ্য প্রকাশ পাইছে৷
প্রতিবেদন মতে, দেশৰ ১৩.৫ কোটি লোকে ক’ভিড–১৯ৰ বাবে সংস্থাপন হেৰুৱাব৷ ১২ কোটি জনতাই দৰিদ্রতাৰ সন্মুখীন হ’ব৷ অর্থাৎ দৰিদ্রতাৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তদুপৰি জনমূৰি আয় হ্রাস পাব৷ প্রতিবেদনত প্রকাশ পোৱা মতে, দেশৰ মুঠ ঘৰুৱা উৎপাদন নিম্নগামী হোৱাৰ বাবে সংস্থাপন হেৰুৱাব, দৰিদ্রতা বৃদ্ধি পাব আৰু জনমূৰি আয় হ্রাস পাব৷
প্রতিবেদনত উল্লেখ কৰা মতে, বর্তমানৰ নিবনুৱাৰ হাৰ ৭.৫ শতাংশৰ পৰা ক’ভিড–১৯ লকডাউনৰ পিছত এই নিবনুৱাৰ হাৰ ৩৫ শতাংশলৈ বৃদ্ধি পাব৷ যাৰ বাবে দেশৰ বিভিন্ন খণ্ডত ১৩.৬ কোটি লোকে জীৱিকা তথা সংস্থাপন হেৰুৱাব৷ এই সংস্থাপন হেৰুওৱা ১৩.৬ কোটি লোকসহ দেশত মুঠ নিবনুৱা ১৭.৪ কোটিলৈ বৃদ্ধি পাব৷ তদুপৰি দৰিদ্রতা নির্মূল কার্যসূচীত প্রচুৰ প্রভাৱ পৰাৰ বাবে নতুনকৈ ১২ কোটি লোক দৰিদ্রতাৰ শাৰীত অন্তর্ভুক্ত হ’ব আৰু ৪ কোটি লোক দৰিদ্র হোৱাৰ সন্ধিক্ষণত উপনীত হ’ব৷