নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশদ্রোহৰ গোচৰত অভিযুক্ত শ্বার্জিল ইমামক জিম্মাত ল’বলৈ দিল্লীত বাহৰ অসম আৰক্ষীৰ বিশেষ দলৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ দেশদ্রোহৰ গোচৰত অভিযুক্ত বিতর্কিত শ্বার্জিল ইমামক জিম্মাত ল’বলৈ যোৱা কেইবাদিন ধৰি দিল্লীত বাহৰ পাতি আছে অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ (চি আই ডি) এটা বিশেষ দলে৷

যোৱা ২৮ জানুৱাৰীত বিহাৰৰ জাহানাবাদ জিলাৰ পৰা গ্রেপ্তাৰ কৰা শ্বার্জিলক কালি দিল্লী আৰক্ষীয়ে পাটিয়ালা হাউছ ক’টত হাজিৰ কৰায়৷ আদালতে বিতর্কিত ছাত্র নেতাজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ অভিকেন্দ্রস্বৰূপ দিল্লীৰ শ্বাহীনবাগত প্রদান কৰা এক ভাষণত শ্বার্জিলে ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ হুংকাৰ দিছিল৷ ইয়াৰ পাছত দিল্লী আৰক্ষীৰ ডপৰি অসম আৰক্ষী, বিহাৰ আৰক্ষী আৰু অৰুণাচল প্রদেশ আৰক্ষীয়েও শ্বার্জিলৰ বিৰুদ্ধে দেশদ্রোহৰ গোচৰ ৰুজু কৰিছিল৷

লক্ষণীয়ভাৱে শ্বার্জিলক বিচাৰি দিল্লী আৰক্ষীৰ এটা দলে বিহাৰত অভিযান চলাই থকাৰ সময়ত অসম আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলেও বিহাৰত অভিযান চলাইছিল৷ কিন্তু প্রথমতে দিল্লী আৰক্ষীয়ে শ্বার্জিলৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ পাছত দেশদ্রোহৰ গোচৰত অভিযুক্ত ছাত্র নেতাজনক দিল্লীলৈ আনিছিল৷ শ্বার্জিলক অসম আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত এটা দলে যোৱা প্রায় এসপ্তাহ ধৰি দিল্লীত বাহৰ পাতি আছে৷

জানিব পৰা মতে, আজি অসম আৰক্ষীয়ে বিতর্কিত ছাত্র নেতাজনক জিম্মাত বিচাৰি আদালতত আবেদন দাখিলৰ সম্ভাৱনা আছে৷ শনিবাৰে অসম আৰক্ষীয়ে শ্বার্জিলক জিম্মাত লোৱাৰ সম্ভাৱনা আছে৷ আৰু তাৰ পাছত তেওঁক বিমানযোগে গুৱাহাটীলৈ লৈ যোৱা হ’ব৷

You might also like