নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশব্যাপী এনআৰচি ৰূপায়ণক লৈ বিতর্ক নকৰিব : অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ দেশব্যাপী এন আৰ চি ৰূপায়ণক লৈ কোনো সিদ্ধান্ত এতিয়া গ্রহণ কৰা নাই বুলি উল্লেখ কৰি এন আৰ চিক লৈ বিতর্ক নকৰিবলৈ আহ্বান জনাইছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷ নতুন দিল্লীৰ ৰামলীলা ময়দানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশব্যাপী এন আৰ চি ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰা নাই বুলি কৰা মন্তব্যক একাংশই প্রধানমন্ত্রী মোদীক মিছলীয়া বুলি আখ্যা দিয়া সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রী মোদী শুদ্ধ আছিল ৷ কিয়নো, এন আৰ চিক লৈ কোনো আলোচনা কেবিনেট অথবা সংসদত এতিয়াও হোৱা নাই ৷ একপ্রকাৰ প্রধানমন্ত্রী মোদীৰ বক্তব্যক শুদ্ধ আখ্যা দি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা লোকক নাগৰিকত্ব প্রদান কৰাহে হয় বুলি স্পষ্ট কৰি দিয়ে ৷ তদুপৰি এই আইনৰ জৰিয়তে কোনো লোকে নাগৰিকত্ব নেহেৰুৱায় বুলিও স্পষ্ট কৰি দি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আইনখনক লৈ বিৰোধীয়ে শংকাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আছে বুলি অভিযোগ কৰে ৷

You might also like