নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ নৌসেনাত প্রথম মহিলা পাইলট শিৱাংগী

নিউজডেস্ক, ৩ ডিচেম্বৰঃ ভাৰতীয় নৌসেনাৰ প্রথমগৰাকী মহিলা পাইলট হিচাপে দায়িত্ব লাভ কৰিছে ছাব–লেফটেনেণ্ট শিৱাংগীয়ে ৷ বিহাৰৰ মুজাফফৰপুৰত জন্মগ্রহণ কৰা শিৱাংগীয়ে সোমবাৰে আনুষ্ঠানিকভাৱে কোচিৰ নৌঘাটিত পাইলটৰ দায়িত্ব গ্রহণ কৰিছে ৷ নৌসেনাৰ ডর্নিয়াৰ ছার্ভিলেন্স বিমান উৰুৱাব শিৱাংগীয়ে ৷

উল্লেখ্য যে প্রশিক্ষণ সফলতাৰে সম্পন্ন কৰা শিৱাংগীক ২০১৮ ৰ মে’ মাহত ভাৰতীয় নৌসেনালৈ বাছনি কৰা হৈছিল ৷ নৌসেনাত প্রথমগৰাকী মহিলা পাইলটৰ দায়িত্ব লাভ কৰিয়েই শিৱাংগীয়ে কৈছে যে- এই পদ লাভৰ বাবে দীর্ঘদিন ধৰি তেওঁ সপোন পুহি ৰাখিছিল ৷ সোমবাৰে সেয়া বাস্তৱত পৰিণত হোৱা বাবেই নিজকে অতি সুখী বুলিও উল্লেখ কৰে শিৱাংগীয়ে ৷ তৃতীয় পর্যায়ৰ প্রশিক্ষণ সফলতাৰে সম্পূর্ণ কৰিবলৈ প্রচেষ্টা চলাই আছে মহিলা বিষয়াগৰাকীয়ে ৷

You might also like