নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ-বিদেশলৈ বিয়পিছে ক’ৰোনাৰ আতংকঃ মৃত্যু ৫৬, আক্ৰান্ত ১৯৭৫

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ ৰঙা চীনত ক্ৰমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ৰোনা ভাইৰাছে । দেওবাৰে পৰ্যন্ত চীনত মৃত্যু হৈছে ৫৬ জনৰ লগতে আক্ৰান্ত হৈছে ১৯৭৫ গৰাকী লোক । চীনৰ লগতে এতিয়া বিশ্বৰ একাধিক দেশলৈ বিয়পিছে এই মাৰাত্মক ভাইৰাছৰ আতংক ।

জাপানত এতিয়ালৈকে ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে বুলি খবৰ আহিছে । যোৱা ১৮ জানুৱাৰী তাৰিখে চীনৰ উহান প্ৰদেশৰ পৰা এগৰাকী ৩০ বছৰীয়া মহিলা জাপানলৈ উভতি যোৱাৰ পাচতেই তেওঁৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ।

ইফালে, ভাৰতৰ কাষৰীয়া পাকিস্তানতো প্ৰৱেশ কৰিছে এই মাৰাত্মক ভাইৰাছে । ক’ৰোনাৰ লক্ষণ দেখা দিয়াৰ পাচতেই লাহোৰৰ হাস্পতালত ভৰ্তি কৰা হৈছে ৪ গৰাকী চীনা লোকক । আক্ৰান্ত এইকেইজন চীনা লোকক আইচুলেশ্বনত ৰখা হৈছে বুলি জানিবলৈ দিছে পাকিস্তানৰ নেশ্যনেল ইনষ্টিটিউট অৱ হেলথৰ প্ৰধান আমিৰ ইকৰামে ।

ভাৰততো এই ভাইৰাছৰ প্ৰভাৱ ইতিমধ্যেই দেখা গৈছে । এই ভাইৰাছৰ সৈতে মোকাবিলাৰ বাবে শনিবাৰে দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ক’ৰোনাৰ সৈতে মোকাবিলাৰ বাবে ভাৰতত কি ব্যৱস্থা গঢ়ি তোলা হৈছে এই সম্বন্ধে প্ৰধানমন্ত্ৰীক অৱগত কৰে প্ৰিন্সিপাল ছেকৰেটেৰী পি কে মিশ্ৰই । ইয়াৰ বাবে প্ৰতিটো বিমানবন্দৰত জাৰি কৰা হৈছে সতৰ্কতা । চীনৰ পৰা অহা প্ৰতিজন যাত্ৰীক সুক্ষ্ম পৰীক্ষণৰ অন্তত হে বিমান বন্দৰ এৰিবলৈ দিয়া হৈছে ।

সমগ্ৰ বিশ্বতে যেন এতিয়া বিয়পি পৰিছে ক’ৰোনা ভাইৰাছৰ আতংক । থাইলেণ্ড, ভিয়েটনাম, চিংগাপুৰ , জাপান, দক্ষিণ কোৰিয়া, টাইৱান, নেপাল, মালেছিয়া, ফ্ৰান্স, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ পৰাও আহিছে ক’ৰোনা ভাইৰাছৰ খবৰ ।

You might also like