নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বিশ্বযুদ্ধক লৈ ৰাছিয়া–পোলেণ্ডৰ মতানৈক্য

পুটিনক মিছলীয়া আখ্যা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাক লৈ ৰাছিয়া আৰু পোলেণ্ডৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷ দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ বাবে সঘনে ৰুছ ৰাষ্ট্রপতি পুটিনে পোলেণ্ড জগৰীয়া আছিল বুলি মন্তব্য কৰি আহিছে৷ পুটিনৰ এন মন্তব্যৰ পিছতে প্রতিক্রিয়া প্রকাশ কৰিছে পোলেণ্ডৰ প্রধানমন্ত্রীয়ে৷ স্মর্তব্য যে ১৯৩৯ চনত জার্মানীয়ে দখল কৰিছিল পোলেণ্ড৷ ইয়াৰ পিছত নাজী বাহিনীক পৰাভূত কৰিবলৈ তেতিয়াৰ ছোভিয়েট ইউনিয়নে ইউৰোপীয় দেশখন দখল কৰিছিল৷ ইউৰোপীয় সংঘৰ সংসদে পোলেণ্ডৰ ওপৰত সংঘটিত যুদ্ধৰ দায়িত্ব ছোভিয়েট ইউনিয়নে লোৱা বুলি এক প্রস্তাৱ গৃহীত কৰাৰ পিছতেই পুটিনে ইউৰোপীয় সংসদৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়ায়৷ লক্ষণীয়ভাৱে পুটিনৰ মন্তব্যৰ পিছতে পোলেণ্ড আৰু ৰাছিয়াৰ মতানৈক্য তীব্রতৰ হৈছে৷ দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পোলেণ্ডত থকা ৰুছ কূটনীতিকক দেশখনৰ বৈদেশিক মন্ত্রণালয়ে মাতি আনি প্রতিবাদ সাব্যস্ত কৰে৷ স্মর্তব্য যে দুই আধিপত্যবাদী শক্তি জার্মানী আৰু ছোভিয়েট ইউনিয়নৰ ৰণাংগনত পৰিণত হোৱা পোলেণ্ড বিধ্বস্ত হৈছিল দ্বিতীয় বিশ্বযুদ্ধত৷ সেই সময়ত বিভিন্ন আন্তর্জাতিক আইন উলংঘা কৰিছিল দুয়োখন দেশে৷ যাৰ ফলত পোলেণ্ডৰ ৬ নিযুত নাগৰিকে প্রাণ হেৰুৱাবলগীয়া হৈছিল পাশৱিক যুদ্ধত৷ পোলেণ্ডৰ প্রধানমন্ত্রী মাটেউছজ ম’ৰাৱেইকিয়ে পুটিনক মিছলীয়া আখ্যা দিছে৷