নিয়মীয়া বাৰ্তা, ৬ জুনঃ ভয়াৱহ গতিত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাই আছে ভাৰতত৷ বিশ্বৰ সর্বাধিক আক্রান্ত দেশৰ তালিকাত শুকুৰবাৰে নিশা ইটালীক চেৰ পেলাই ষষ্ঠ স্থান লাভ কৰিলে দেশখনে৷
বিগত দুদিন ধৰি ৯ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ ধাৰা অব্যাহত ৰাখি শুকুৰবাৰেও দেশখনত ৯ সহস্রাধিক লোক আক্রান্ত হোৱাৰ পিছতেই সপ্তম স্থানৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত হৈছে৷
নিশা ৯.৩০ বজাত সংগৃহীত তথ্য মতে, ভাৰতত আক্রান্তৰ সংখ্যা ২,৩৫,৫৪০জন৷ প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ থকা দেশৰ প্রতিখন ৰাজ্যতে শুকুৰবাৰেও ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বর্ধিত হোৱাত দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ কার্যালয়ত ৫ গৰাকী কর্মচাৰী ক’ভিড–১৯ ত আক্রান্ত হোৱাৰ পিছতেই কাইলৈ আৰু পৰহিলৈ কার্যালয়টো ছেনিটাইজেচনৰ বাবে বন্ধ ৰখা হৈছে৷ তেনেদৰে নতুন দিল্লীস্থিত ডি আৰ ডি অ’ৰ মুখ্য কার্যালয়ত কর্মচাৰী এজন মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱাত পঞ্চম মহলাত থকা কার্যালয়টো ছীল কৰা হৈছে৷ কার্যালয়টোৰ ৯০ শতাংশ কর্মচাৰী ঘৰতে থাকি পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে কার্যনির্বাহ কৰিবলৈ নির্দেশ দিয়া হৈছে৷
ইপিনে দিল্লী মেট্র’ ৰে’ল কর্প’ৰেচন (বিএমআৰচি)ৰ ২০তকৈ অধিক কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ শাসকীয় আম আদমী পার্টীৰ পেটেল নগৰৰ বিধায়ক ৰাজকুমাৰ আনন্দ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দেশৰ ভিতৰতে আক্রান্তৰ তালিকাত তৃতীয় স্থানত থকা ৰাজধানী দিল্লীত আজি কেইবাটাও গুৰুত্বপূর্ণ কার্যালয়ৰ কর্মচাৰী ক’ৰোনাত আক্রান্ত হয়৷ আজি দিনটোৰ ভিতৰত দিল্লীত ১,৩৩০জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ লক্ষণীয় যে আই টি বি পিৰ সাতজন জোৱান আজি নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাত সশস্ত্র বাহিনীটোত আক্রান্তৰ সংখ্যা ২০৮জনলৈ বৃদ্ধি পাইছে৷ অৱশ্যে ইয়াৰে ১৭৭জন সুস্থ হৈছে৷ উল্লেখ্য যে এছ এছ বিৰ এজন জোৱান আজি ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ সীমান্তৰ দায়িত্বত থকা এছ এছ বিৰ প্রথমজন জোৱান শুকুৰবাৰে এই ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ২৮ সহস্রাধিক আক্রান্তৰে দ্বিতীয় স্থানত থকা তামিলনাডুত ১২ বছৰৰ তলৰ শিশুসহ ১,৫৭১জন আক্রান্ত হৈছে৷ আনপিনে সর্বাধিক আক্রান্ত মহাৰাষ্ট্রত শুকুৰবাৰে ২,৪৩৬জন লোক নতুনকৈ আক্রান্ত হোৱাত ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৮০ হাজাৰ অতিক্রম কৰে৷
ইপিনে, আমেৰিকা যুক্তৰাষ্ট্র, ব্রাজিল, ৰাছিয়া, গ্রেট ব্রিটেইনত আক্রান্তৰ সংখ্যা পূর্বৰ দৰে বৃদ্ধি পাই আছে৷ তাৎপর্যপূর্ণভাৱে মৃত্যু উপত্যকাত পৰিণত হোৱা ইটালী আৰু স্পেইনত আক্রান্ত আৰু মৃতকৰ সংখ্যা নিম্নগামী হৈছে৷ ইয়াৰ বিপৰীতে ইউৰোপৰে গ্রেট ব্রিটেইনত আক্রান্ত আৰু মৃতকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈয়ে আছে৷ ২৪ ঘণ্টাত ৩৫৭জন মৃত্যুমুখত পৰাত গ্রেট ব্রিটেইনত মৃতকৰ সংখ্যাই ৪০ হাজাৰ অতিক্রম কৰিলে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পিছতেই মৃতকৰ তালিকাত দ্বিতীয় স্থানত গ্রেট ব্রিটেইন৷ দেশখনত মৃতকৰ সংখ্যা ৪০,২৬১লৈ বৃদ্ধি পাইছে৷ তেনেদৰে ব্রাজিলত বিগত তিনি দিন ধৰি প্রতিদিনে মৃতকৰ সংখ্যা হাজাৰৰো অধিক হৈ আছে৷ দেশখনত আক্রান্তৰ সংখ্যা ৬.১৮ সহস্রাধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৩৪ হাজাৰৰো অধিক৷ আক্রান্তৰ তৃতীয় স্থানত থকা ৰাছিয়াত আক্রান্তৰ সংখ্যা ৪.৫০ লাখ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ দেশখনত মৃতকৰ সংখ্যা তুলনামূলকভাৱে আন দেশতকৈ কম৷ এতিয়ালৈকে মৃত্যু ঘটিছে ৫,৫২৮জনৰ৷ পাকিস্তানতো দ্রুতগতিত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ আছে৷
শেহতীয়া তথ্য মতে, বিশ্বৰ ম’ষ্ট ৱাণ্টেড পলাতক অপৰাধীৰ তালিকাত ১০ নম্বৰ স্থানপ্রাপ্ত দুর্ধর্ষ সন্ত্রাসবাদী ডাউদ ইব্রাহিম আৰু পত্নীৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হোৱা বুলি পাকিস্তানৰ সংবাদ মাধ্যমত প্রকাশ পাইছে৷ বর্তমান পাকিস্তানৰ সামৰিক হাস্পতালত চিকিৎসাধীন হৈ থকা পত্নীসহ ডাউদ ইব্রাহিমৰ ব্যক্তিগত সহায়ক আৰু নিৰাপত্তাৰক্ষীক কোৱাৰেণ্টাইন কৰা হৈছে৷ ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী ডাউদ ইব্রাহিম ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণত অভিযুক্ত৷ তেতিয়াৰে পৰা ভাৰত এৰি পলাতক হৈ আছে ডাউদ৷