নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ষণত অভিযুক্ত গডমেন নিত্যানন্দলৈ ‘ব্লু কর্নাৰ’ ন’টিচ

ধর্ষণত অভিযুক্ত স্বয়ম্ভু গডমেন নিত্যানন্দলৈ ইণ্টাৰপ’লে জাৰি কৰিছে ‘ব্লু কর্নাৰ’ ন’টিচ৷ ধর্ষণৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পিছতেই ভাৰতৰ পৰা পলায়ন কৰিছিল নিত্যানন্দই৷ গুজৰাটৰ আৰক্ষীয়ে নিত্যানন্দৰ বিৰুদ্ধে এই ন’টিচ জাৰি কৰাৰ বিষয়ে জানিবলৈ দি আৰু কয় যে স্বয়ম্ভু গডমেনৰ বিৰুদ্ধে ‘ৰেড কর্নাৰ’ ন’টিচ দিয়াৰো প্রস্তুতি চলাইছে৷ ‘ৰেড কর্নাৰ’ ন’টিচ হ’ল যি ব্যক্তিৰ বিৰুদ্ধে জাননী জাৰি কৰা হয়, তেওঁক আটক কৰাৰ বাবে প্রেৰণ কৰা জাননী৷ আনহাতে, ‘ব্লু কর্নাৰ’ ন’টিচৰ জৰিয়তে এজন ব্যক্তিৰ অৱস্থান আৰু গতি–বিধিৰ অনুসন্ধান কৰা হয়৷ উল্লেখ্য যে কিছুদিনৰ পৰা বিদেশৰ অজ্ঞাত স্থানৰ বিভিন্ন ভিডি’ত দেখা পোৱা গৈছিল নিত্যানন্দক৷ তেওঁ বিদেশত এখন হিন্দু ৰাজ্য প্রতিষ্ঠা কৰি নিজকে ভগৱান বুলিও প্রচাৰ কৰা ভিডি’ ভাইৰেল হৈ পৰিছিল৷ যোৱা বছৰ কর্ণাটকত স্বয়ম্ভু গডমেনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ গুজৰাট আৰক্ষীয়ে নিত্যানন্দক ‘পলাতক’ ঘোষণা কৰিছিল৷

You might also like