‘নাগৰিকক ন্যায় প্রদান চৰকাৰৰ দায়িত্ব’
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি উত্তৰপ্রদেশৰ প্রয়াগৰাজত এখন বিশাল জনসভাত অংশ লৈ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলক সহায়–সামগ্রী বিতৰণ কৰে৷ এই সভাত প্রধানমন্ত্রী মোদীয়ে কয় যে সকলো নাগৰিককে প্রাপ্য আৰু ন্যায় প্রদান কৰাটো চৰকাৰৰ দায়িত্ব৷ ‘চব কা সাথ, চব কা বিকাশ আৰু চব কা বিশ্বাস’ এই নীতিৰেই চৰকাৰ আগবাঢ়ি যাব বুলি তেওঁ মন্তব্য কৰে৷ ‘এয়া চৰকাৰৰ দায়িত্ব, যাতে সকলোৱে ন্যায় লাভ কৰে৷ এয়া চব কা সাথ চব কা বিকাশ’ৰ বুনিয়াদ৷ ১৩০ কোটি নাগৰিকৰ তত্ত্বাৱধান লোৱাটো আমাৰ প্রথম অগ্রাধিকাৰ৷’ –মোদীয়ে কয় এইদৰে৷