নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে সংশোধিত নাগৰিকত্ব আইনক কেন্দ্র কৰি চলি থকা প্রতিবাদ আৰু চৰকাৰৰ আঁকোৰগোজ মনোভাবক লৈ উদ্বেগ প্রকাশ কৰিছে ৷ পাকিস্তানত থকা হিন্দু লোকসকলৰ ফালে মনোনিৱেশ কৰাৰ বিপৰীতে চৰকাৰে প্রথমে নিজৰ দেশখন ঠিক কৰি লোৱা উচিত বুলি মন্তব্য কৰে ৷ ৰাজস্থানৰ যোধপুৰত এখন বিশাল জনসভাত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছিল যে এই নাগৰিকত্ব আইন প্রত্যাহাৰ বা বাতিল কৰাৰ প্রশ্নই নুঠে ৷ গৃহমন্ত্রীৰ মন্তব্যৰ প্রতিক্রিয়া স্বৰূপে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে প্রতিক্রিয়া প্রকাশ কৰি কয় যে এয়া কি ? পাক হিন্দুৰ প্রতি অত্যধিক মৰম আৰু ভাৰতীয় হিন্দুসকলৰ প্রতি কি ? অর্থনীতি নিম্নগামী, সংস্থাপন নাই, এই আইনৰ প্রয়োজন ক’ত ? অৰবিন্দ কেজৰিৱালে আৰু কয় যে এই আইনে হিন্দু আৰু মুছলমান দুয়ো সম্প্রদায়কে আঘাত কৰিছে ৷