নিউজিলেণ্ডৰে শৃংখলাৰ পূৰ্বেই ভাৰতীয় দলৰ পৰা বাহিৰ হ’ল সুন্দৰ ফৰ্মত থকা এই দুজন খেলুৱৈ…
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ আঘাতৰ বাবে টীম ইণ্ডিয়াৰ নিউজিলেণ্ড ভ্রমণৰ পৰা বাদ পৰিল বাঁওহতীয়া তাৰকা অ’পেনাৰ শিখৰ ধাৱনৰ লগতে তাৰকা পেচ বলাৰ ঈশান্ত শর্মা৷ অষ্ট্রেলিয়াৰে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোৰ তৃতীয়খন মেচত ফিল্ডিং কৰাৰ সময়ত কান্ধত পোৱা আঘাতৰ বাবে শিখৰ ধাৱন অহা ২৪ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰে আৰম্ভ হ’বলগীয়া পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ লগতে এদিনীয়া শৃংখলাটোৰ পৰাও বাহিৰ হয়৷
টি–২০ত ধাৱনৰ স্থানত সঞ্জু ছেমছনক অন্তর্ভুক্ত কৰা হৈছে৷ ইফালে, বিদর্ভৰে খেলি থকা ৰঞ্জি ট্রফীৰ মেচখনত বলিং কৰাৰ সময়ত গোৰোহাত আঘাত পায় দিল্লী দলটোৰ পেচ বলাৰ ঈশান্ত শর্মাই৷ গোৰোহাত পোৱা এই আঘাতৰ বাবে ঈশান্তে ২১ ফেব্রুৱাৰীৰ পৰা ৱেলিংটনত আৰম্ভ হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাটোত ভাৰতীয় দলৰ হৈ খেলিব নোৱাৰিব৷
বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটো কালি অ’কলেণ্ডত উপস্থিত হৈছে৷