নিজকে ‘মূৰ্খ’ ঘোষণাৰে পদত্যাগ ক্লাৰ্কৰ
নিয়মীয়া বাৰ্তা, ৮এপ্ৰিলঃ ক’ভিড-১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ মহামাৰী প্ৰতিৰোধৰ বাবে দেশজুৰি কঠোৰ তলাবন্ধ চলি থকা সময়তে এই নিৰ্দেশনা উলংঘা কৰি নিউজিলেণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে নিজকে মূৰ্খ ঘোষণা কৰাৰ উপৰি মন্ত্ৰিত্বৰ পদ ত্যাগ কৰিছে। উল্লেখনীয় যে স্বাস্থ্যমন্ত্ৰী ডেভিদ ক্লাৰ্কে গৃহ চহৰ ডানেডিনৰ পৰা ডৰ্ক্টছ পইণ্ট বীচ্চলৈ নিজৰ পৰিয়ালক গাড়ীৰে লৈ গৈছিল। ঘৰৰ পৰা ১২ মাইল দুৰত্ব চলাই ক্লাৰ্কে তলাবন্ধ কাৰ্যসূচী উলংঘা কৰিছিল। বিষয়টোক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে ক্লাৰ্কে নিজকে মূৰ্খ আখ্যা দি থকা প্ৰধানমন্ত্ৰী জাচিণ্ডা আৰ্ডানৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে অৱশ্যে এই সংকটৰ সময়ত মন্ত্ৰিত্বৰ পদ এৰিলেও কাম-কাজ চলাই যাব বুলি ঘোষণা কৰিছে ক্লাৰ্কে। স্বাস্থ্য মন্ত্ৰীৰ উপৰি সহযোগী বিত্তমন্ত্ৰীৰ দায়িত্বতো আছিল ডেভিদ ক্লাৰ্ক। এই দুয়োটা পদেই হেৰুৱাব নেতাগৰাকীয়ে। স্মৰ্তব্য যে দেওবাৰে অনুৰূপ ঘটনা সংঘটিত হৈছে স্কটলেণ্ডত দেশখনৰ শীৰ্ষ স্বাস্থ্য বিষয়াগৰাকীয়ে তলাবন্ধ কাৰ্যসূচী ভংগ কৰি পদত্যাগ কৰাৰ লগে লগে সংবাদ মাধ্যমত সৰৱ চৰ্চা চলিছে।