নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজামুদ্দিন ফেৰতৰ জৰিয়তে ১০২৩ জনলৈ সংক্ৰমিত মহামাৰী

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ ৰূপত বৃদ্ধিৰ অন্য়তম প্ৰধান কাৰণ হৈ পৰিল দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতীৰ ধৰ্মানুষ্ঠানে । এই অনুষ্ঠানত অংশ লোৱা সহস্ৰাধিক লোকৰ পৰাই দেশখনৰ ১৭ খন ৰাজ্যলৈ বৰ্তমান বিয়পি পৰিছে ক’ৰোনা ভাইৰাছ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব লভ আগৰৱালে সংবাদ মাধ্যমক শনিবাৰে সন্ধিয়া জনোৱা মতে, দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱা ঘটনাৰ ৩০ শতাংশই তবলিগী জামাতৰ বাবে সংঘটিত হৈছে । দেশত এতিয়ালৈকে পোহৰলৈ অহা ৩,৪৮২ টা সংক্ৰমণ ঘটনাৰ ১,০২৩ টাই দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতীৰ ধৰ্মানুষ্ঠানৰ পৰা বিয়পিছিল । উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিনৰ ঘটনাই সমগ্ৰ দেশলৈ বিয়পাই দিছিল ক’ভিড-১৯ মহামাৰী । যোৱা মাৰ্চ মাহৰ মধ্যভাগত নিজামুদ্দিন মাৰ্কাজ দৰগাহত অনুষ্ঠিত এই তবলিগী জামাতত অংশ লৈছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ শ শ লোকৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সহস্ৰাধিক লোকে । দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ উলংঘা কৰি এই ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰি নিজ নিজ ৰাজ্যলৈ উভতি যোৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কোনোধৰণৰ সাৱধানতা অৱলম্বন কৰাৰ বিপৰীতে মুক্তভাৱে বিচৰণ কৰি ফুৰিছিল । যাৰ পৰিণামত আজি দেশৰ ৩০ শতাংশ লোক এই জামাতীসকলৰ দ্বাৰা মাৰাত্মক ভাইৰাছত আক্ৰান্ত হ’ব লগা হয় ।

ভাৰতৰ ১৯ খন ৰাজ্যৰ উপৰি মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ডকে ধৰি ১৬ খন দেশৰ লোকে এই অনুষ্ঠানত অংশ লৈছিল । এতিয়াও বহুসংখ্যক দেশী-বিদেশী জামাতীয়ে ভাৰতৰ ভিন্ন প্ৰান্তত আত্মগোপন কৰি থকাত দেশত ক’ৰোনা ভাইৰাছে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ উদ্ৰেক ঘটিছে । উল্লেখ্য যে, দিল্লীৰ ১৫ টাকৈ মছজিদত আত্মগোপন কৰি থকা ৮ শতাধিক বিদেশী তবলিগী জামাতৰ সদস্যক আৰক্ষীয়ে উদ্ধাৰ কৰিছে । যোৱা ২৪ ঘণ্টাত ৬০১ টা ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । শেহতীয়া তথ্য মতে, দেশখনত ৯১ জন লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে । স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৯ শতাংশ লোকৰে বয়স ২০ বছৰৰ তলৰ । ৪২ শতাংশ লোকৰ বয়স ২১ ৰ পৰা ৪০ বছৰ । আনহাতে, ৩৩ শতাংশ সংক্ৰমিত ব্যক্তিৰ বয়স ৪১ ৰ পৰা ৬০ বছৰৰ ভিতৰত । আনহাতে ১৭ শতাংশ ৰোগীৰ বয়স ৬০ বছৰ উৰ্ধ্বৰ । যোৱা ৩০ জানুৱাৰীৰ পৰা আক্ৰান্ত হোৱা ২,৯২০ জন ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ ওপৰত চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে । অৱশ্যে দেশত মৃত্যু হোৱা ৬৮ জন ৰোগীৰ সৰহসংখ্যকেই ৬০ বছৰৰ ওপৰৰ । উল্লেখ্য যে, ভাৰতৰ ১৭ খন ৰাজ্যলৈ এই ধৰ্মানুষ্ঠানৰ জৰিয়তে ক’ৰোনা মহামাৰীৰ সংক্ৰমণ বিয়পি পৰিছে ।

You might also like