নিজৰ ২ শিশুসহ চাৰিজনক খাদ্যত বিহ মিহলাই হত্যা মহিলাৰ
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ উত্তৰ প্রদেশৰ ইটাহত সংঘটিত হৈছে এক লোমহর্ষক হত্যাকাণ্ড৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ইটাহৰ এটা বাসগৃহত উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ ৫জনকৈ সদস্যৰ মৃতদেহ৷ উদ্ধাৰ হোৱা এই মৃতদেহৰ ভিতৰত আছে দুটি শিশুও৷ আৰক্ষীয়ে প্রাথমিক তদন্তৰ পাছতে সংবাদ মাধ্যমক জনোৱা অনুসৰি খাদ্যত বিহ মিহলাই পৰিয়ালটোৰ বোৱাৰী দিব্যাই নিজৰ শিশু সন্তান, ভগ্ণী বুলবুল আৰু মুৰব্বী তথা অৱসৰপ্রাপ্ত স্বাস্থ্যকর্মী ৮০ বছৰীয়া ৰাজেশ্বৰ প্রসাদ পাছাউৰিক হত্যা কৰিছে৷ ইয়াৰ পাছতে দিব্যাই আত্মহত্যা কৰে৷ ইতিমধ্যে মৃতদেহৰ ফৰেনছিক পৰীক্ষাত এই তথ্য লাভ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ শিহৰণকাৰী এই হত্যাকাণ্ড সংঘটিত হৈছে ইটাহাৰ ছিংগাৰ নগৰ অঞ্চলত৷ ২৫ এপ্রিলৰ সন্ধিয়া এই শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত কৰি দিব্যা নামৰ মহিলাগৰাকীয়ে আত্মহত্যা কৰে৷ এই ভয়ংকৰ হত্যাকাণ্ড তথা আত্মহত্যাৰ তাৎক্ষণিকভাৱে কাৰণ বিশ্লেষণ কৰা নাই আৰক্ষীয়ে৷ আৰক্ষী বিষয়া সুনীল কুমাৰ সিঙে সংবাদ সংস্থা এএনআইক জনোৱা অনুসৰি ঘৰটোৰ মজিয়াত পৃথকে পৃথকে পৰি থকা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে৷ স্মর্তব্য যে প্রতিবেশীৰ পৰা তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত গৈ উপস্থিত হৈছিল আৰক্ষী৷