নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ভয়া কাণ্ডঃ দোষী বিনয়ে দেৱালত খুন্দিয়াই ফালিলে মূৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ মৃত্যু পৰোৱানাৰ পৰা বাচিবলৈ নিত্য নতুন নাটক ৰচনা কৰিছে নির্ভয়া গণধর্ষণ আৰু হত্যা গোচৰৰ অন্যতম দোষী বিনয় কুমাৰ শর্মাই৷ তিহাৰ জে’লৰ কর্তৃপক্ষই জনোৱা মতে, যোৱা দেওবাৰৰ আবেলি বিনয় শর্মাই নিজেই কাৰাগাৰৰ দেৱালত মূৰ খুন্দিয়াই আঘাতপ্রাপ্ত হয়৷ তেওঁৰ আঘাত গুৰুতৰ নহয় আৰু জে’ল চৌহদতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷

ইফালে, দিল্লীৰ আদালতে তিহাৰ জে’ল কর্তৃপক্ষক নির্দেশ দিছে বিনয় শর্মাৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ৷ উল্লেখ্য যে নির্ভয়া কাণ্ডৰ অভিযুক্ত বিনয় শর্মাৰ অধিবক্তাই তেওঁৰ মানসিক ৰোগ স্কিজোফ্রেনিয়া, মূৰ আৰু হাতত আঘাত পোৱা বুলি আবেদন দাখিল কৰি উন্নত চিকিৎসাৰ দাবী কৰিছিল৷ বিনয় শর্মাৰ অধিবক্তাই আদালতত জনোৱা মতে, শর্মাই তেওঁৰ মাতৃকে ধৰি আন সকলো ব্যক্তিক চিনাক্ত কৰিবলৈ অস্বীকাৰ কৰিছে৷ অধিবক্তাই ন্যায়ালয়ত জনোৱা আবেদনত আৰু উল্লেখ কৰিছে যে বিনয় শর্মাই গুৰুতৰভাৱে মূৰ আৰু হাতত আঘাত পাইছে আৰু তেওঁ অস্থিৰতা, মানসিক ৰোগ আৰু স্কিজোফ্রেনিয়াত আক্রান্ত হৈছে৷ যাৰ বাবে তেওঁ অধিবক্তা আৰু মাতৃকো চিনি পোৱা নাই৷

You might also like