পক্ষাঘাতগ্ৰস্ত মহিলাৰ কথা শুনি আৱেগিক নৰেন্দ্ৰ মোদী
জনঔষধি যোজনাৰ হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
নিয়মীয়া বাৰ্তা, ৮মার্চঃ জনঔষধি কেন্দ্ৰ আৰু হিতাধিকাৰীৰ সৈতে বাৰ্তালাপৰ সময়ত আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুন দিল্লীত অনুষ্ঠিত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ অধীনৰ জনঔষধি কেন্দ্ৰ আৰু হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপৰ সময়ত এগৰাকী পক্ষাঘাত ৰোগত আক্রান্ত মহিলাৰ বক্তব্য শুনি নিজৰ আৱেগ লুকুৱাই ৰাখিব নোৱাৰিলে প্রধানমন্ত্রী মোদীয়ে৷ দেশৰ ভিন্ন প্রান্তৰ হিতাধিকাৰীৰ লগতে ডেৰাডুনৰ দীপা শ্বাহ নামৰ পক্ষাঘাতত আক্রান্ত হিতাধিকাৰী মহিলাগৰাকীয়ে জনঔষধি পৰিযোজনাৰ জৰিয়তে কেনেদৰে লাভান্বিত হৈছে, সেই কাহিনী বর্ণনা কৰাৰ সময়ত প্রধানমন্ত্রীৰ চকু চলচলীয়া হয়৷ মহিলাগৰাকীয়ে তেওঁৰ ৰোগ আৰু পৰিয়ালৰ কাহিনী বর্ণনা কৰি কৈছিল– ২০১১ চনত মই পক্ষাঘাতত আক্রান্ত হৈছিলোঁ৷ মই সঠিকভাৱে কথাও ক’ব পৰা নাছিলোঁ৷ এখন হাস্পতালৰ পৰা মই চিকিৎসা লাভ কৰিছিলোঁ৷ আৰু সেই ঔষধ ব্যয়বহুল আছিল৷ যাৰ বাবে পৰিয়ালে ব্যয় বহন কৰাটো জটিল হৈ পৰিছিল৷ কিন্তু জনঔষধি পৰিযোজনাৰ হিতাধিকাৰী হিচাপে মই চিকিৎসাৰ ঔষধৰ ব্যয় মাহে পাঁচ হাজাৰৰ পৰা ডেৰ হাজাৰলৈ কমাই আনিবলৈ সক্ষম হৈছিলোঁ৷ জনঔষধি পৰিযোজনাৰ পৰা তেওঁ কেনেদৰে লাভান্বিত হৈছে, সেই সন্দর্ভত মহিলাগৰাকীয়ে কয়– জনঔষধি পৰিযোজনাৰ পূর্বে মোৰ ঔষধত ব্যয় হৈছিল পাঁচ হাজাৰ টকা৷ কিন্তু এতিয়া ব্যয় হয় মাত্র ডেৰ হাজাৰ টকা৷ মই ঘৰ চলাবলৈ সক্ষম হৈছোঁ৷ বাচি যোৱা টকাখিনিৰে মোৰ কাৰণে ফল কিনিবলৈ সক্ষম হৈছোঁ৷ তদুপৰি মহিলাগৰাকীয়ে প্রধানমন্ত্রী মোদীক ধন্যবাদ জনাই কয় যে চিকিৎসকে তেওঁক স্বাস্থ্যৰ চিকিৎসা প্রায় এৰি দিবলৈ কৈছিল৷ কিন্তু প্রধানমন্ত্রীৰ বাক্য আৰু আশীর্বাদে তেওঁৰ স্বাস্থ্য উন্নীত কৰিলে৷ মহিলাগৰাকীয়ে মোদীক প্রশংসা কৰি কয় যে তেওঁ ভগৱান দেখা নাই, কিন্তু মোদীৰ মহানুভৱতাত ভগৱান দেখিছে৷ মহিলাগৰাকীৰ এই কাহিনী শুনি আৱেগিক হৈ পৰে প্রধানমন্ত্রী মোদী৷ ফার্মাচিউটিকেল বিভাগৰ দ্বাৰা মুকলি কৰা প্রধানমন্ত্রী ভাৰতীয় জনঔষধি পৰিযোজনাৰ দেশব্যাপী থকা ৬ হাজাৰতকৈও অধিক জনঔষধি কেন্দ্রই হিতাধিকাৰীক সহায় কৰি আহিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই কেন্দ্রবোৰৰ দ্বাৰা দেশৰ জনতাৰ ২,০০০–২,৫০০ কোটি টকা ব্যয় হ্রাস কৰিছে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– জনঔষধি দিৱস এটা আঁচনিৰ এটা দিন উদ্যাপন নহয়৷ ইয়ে দেশৰ নিযুত নিযুত লোক আৰু পৰিয়ালক সংযুক্ত হোৱাৰ সুযোগ দিছে৷ যিসকলে ইয়াৰ দ্বাৰা লাভান্বিত হৈছে৷ দেশজুৰি ৬,২০০ জনঔষধি কেন্দ্র চলি আছে৷ ইয়াত ৯০০বিধ ঔষধ আৰু ১৫৪ চার্জিকেল ইনষ্ট্রুমেণ্ট উপলব্ধ হৈ আছে৷ তদুপৰি দেশৰ ১ কোটি পৰিয়ালে প্রতিমাহে এই জনঔষধি কেন্দ্রৰ পৰা লাভান্বিত হৈ আছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷