নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: ভাৰতীয় সেনাৰ লেফটেনেণ্ট কর্নেল এজনে পঞ্জাবৰ ফিৰোজপুৰৰ বাসগৃহত পত্নীক হত্যা কৰি পিছলৈ নিজেই গুলীয়াই আত্মহননৰ পথ বাছি লয়৷ যোৱানিশা ফিৰোজপুৰৰ বাসগৃহত ভাৰতীয় সেনাৰ শীর্ষ বিষয়াজনৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আত্মহননৰ পূর্বে সেনা বিষয়াজনে লিখি থৈ যোৱা আত্মহননৰ টোকাত পত্নীক আঘাত কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে৷ পঞ্জাব আৰক্ষীয়ে প্রকাশ কৰা মতে, ফিৰোজপুৰৰ বাসগৃহত সেনা বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ তথ্য মতে দম্পতীহালে বিবাহ সম্পর্কীয় বিষয় লৈ বিগত কিছুদিন ধৰি বিবাদত জড়িত হৈ থকাৰ লগতে নিয়মীয়াভাৱে কাউঞ্চেলিঙত আছিল৷ সেনা আৰু পঞ্জাব আৰক্ষীয়ে এই ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷ পত্নীক হত্যা কৰি আত্মহননৰ পথ বাছি লোৱা সেনা বিষয়াজনক লেফটেনেণ্ট কর্ণেল নিশান্ত বুলি চিনাক্ত কৰি আৰক্ষীয়ে৷