নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ভাৰত–পাকিস্তান আন্তর্জাতিক সীমান্ত পঞ্জাবৰ অমৃতসৰ জিলাৰ ৰামদাস ছেক্টৰত পঞ্জাব আৰক্ষী আৰু বিএছএফে যুটীয়া অভিযান চলাই ৪০.৮১ কিলোগ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷ জব্দকৃত হেৰ’ইনৰ মূল্য প্রায় ২০০ কোটি টকা৷ পঞ্জাব আৰক্ষীয়ে প্রকাশ কৰা মতে চণ্ডীগড়ৰ পৰা প্রায় ৩০০ কিলোমিটাৰ নিলগৰ ৰামদাস ছেক্টৰত বিএছএফৰ সৈতে মিলিত হৈ আৰক্ষীয়ে অভিযান চলাই ৪০ কিলোগ্রাম হেৰ’ইন জব্দ কৰাৰ উপৰি পঞ্জগ্রয়ন অঞ্চলৰ পৰা দুডাল প্লাষ্টিক পাইপত থকা ৯০ গ্রাম আফিং জব্দ কৰিবলৈ সক্ষম হৈছে৷
আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি আজি পুৱা ৰামদাস ছেক্টৰত অভিযান চলায় আৰু এই অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰি সফলতা লাভ কৰে৷ উল্লেখ্য যে ভাৰত–পাকিস্তান সীমান্তৰে পঞ্জাব হৈ ভাৰতত ড্রাগ্ছৰ চোৰাং সৰবৰাহ চলি আহিছে৷ আজি সীমান্তৰ ৰামদাস ছেক্টৰত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ পূর্বেও প্রদেশখনৰ সীমান্তত বিএছএফে অনেকবাৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছিল৷ আনকি ড্রাগ্ছ সৰবৰাহকাৰী পাকিস্তান নাগৰিকক গুলীয়ায়ো হত্যা কৰিছিল৷