নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাস্থিত ইণ্ডিয়ান অইল ৰিফাইনেৰীত ভয়াৱহ বিস্ফোৰণ ঘটাত অতি কমেও তিনিজন লোকৰ মৃত্যু ঘটাৰ লগতে ৪২জন লোক আহত হৈছে৷ আহতকেইজনক কলকাতাৰ ডেছুন হাস্পতালত উন্নত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হৈছে৷
বিৱৰণী মতে ইণ্ডিয়ান অইল ৰিফাইনেৰীটোৰ নাফটা–হাইড্র’জেন মিক্সিং প্লেণ্টত আজি দিনৰ ৩ বজাত বিস্ফোৰণ ঘটাত তিনিজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে ৪২জন আহত হৈছে৷ ইয়াৰে গুৰুতৰভাৱে আহত ৩৭জনক কলকাতাৰ ডেছুন হাস্পতালত ভর্তি কৰোৱা হৈছে৷ হাস্পতালত চিকিৎসাধীন ৩৭জনৰ ভিতৰত সাতজনৰ অৱস্থা সংকটজনক৷ প্রাৰম্ভিক তথ্য মতে আৰক্ষীয়ে এতিয়াও বিস্ফোৰণৰ কাৰণ উদ্ধাৰ কৰিব পৰা নাই৷ বিস্ফোৰণত প্রাণ হেৰুওৱাসকলৰ প্রতি গভীৰ শোক প্রকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে নিহতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷
উল্লেখ্য যে যিটো প্লাণ্টত বিস্ফোৰণ সংঘটিত হৈছে, সেই প্লাণ্টটো ডিচেম্বৰৰ প্রথম সপ্তাহতে মেৰামতিৰ বাবে দুসপ্তাহৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল৷ তেনে অৱস্থাত এই প্লাণ্টত কিদৰে বিস্ফোৰণ সংঘটিত হৈছে সেয়া চর্চাৰ বিষয়৷