নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ পাছত মহাৰাষ্ট্র কেৰালাৰ প্রতীকপট অগ্রাহ্য কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে পশ্চিমবংগৰ প্রস্তাৱিত তিনিটাকৈ প্রতীক পট কেন্দ্রীয় চৰকাৰে নাকচ কৰাৰ পাছত এইবাৰ মহাৰাষ্ট্র আৰু কেৰালাৰ প্রতীক পটো নাকচ কৰিছে মোদী চৰকাৰে ৷ কেন্দ্রীয় চৰকাৰে এই বিতর্কিত সিদ্ধান্ত লোৱাৰ পাছতে এনচিপি আৰু শিৱসেনা ক্ষুব্ধ হৈ পৰিছে ৷ মহাৰাষ্ট্রৰ অবিজেপি চৰকাৰখনৰ বিৰুদ্ধে এয়া এক প্রতিহিংসাপৰায়ণ কার্যসূচী বুলি এনচিপি আৰু শিৱসেনাই কেন্দ্রক ক্ষুৰধাৰ সমালোচনা কৰিছে ৷

লক্ষণীয়ভাৱে কেৰালাৰ প্রতীক পটো অগ্রাহ্য কৰিছে নতুন দিল্লী প্রশাসনে ৷ ‘কা’বিৰোধী আন্দোলনৰ বাবেই পশ্চিমবংগৰ প্রস্তাৱিত প্রতীক পট কেন্দ্রীয় চৰকাৰে অগ্রাহ্য কৰা বুলি বিভিন্ন মহলে অভিযোগ অনাৰ পাছত অনুৰূপ অভিযোগ আনিছে কেৰালা চৰকাৰে ৷ শেহতীয়াকৈ মহাৰাষ্ট্রৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰ পাছত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে এয়া চূড়ান্ত অপমান বুলি অভিহিত কৰিছে ৷ সেইদৰে এনচিপি সাংসদ সুপ্রিয়া শূলেই কেন্দ্রৰ এই সিদ্ধান্তক দুর্ভাগ্যজনক আখ্যা দিছে ৷ ৰাজ্যখনৰ প্রতিক্রিয়া সন্দর্ভত অৱশ্যে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই নতুন দিল্লী প্রশাসনে ৷

You might also like