নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক বিদেশ নীতিৰ ভিত্তি হৈ থাকিব কাশ্মীৰঃ কুৰেশ্বি

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ বিদেশ নীতিত সদায় কাশ্মীৰ হৈ থাকিব এক ভিত্তি৷ কালি দেশখনৰ বিদেশ মন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে এই কথা ঘোষণা কৰিছে৷ যোৱা ৫ ফেব্রুৱাৰীত পাক অধিকৃত কাশ্মীৰৰ মুজাফফৰাবাদ বিধানসভাত প্রধানমন্ত্রী ইমৰান খানে ভাষণ দিয়াৰ পিছতে অঞ্চলটোৰ নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হয় বিদেশ মন্ত্রী কুৰেশ্বি৷ এক গুৰুত্বপূর্ণ আলোচনাত অধ্যক্ষতা কৰা কুৰেশ্বিয়ে কয় যে দক্ষিণ–পূব এছিয়াত শান্তি প্রতিষ্ঠা হ’বলৈ হ’লে কাশ্মীৰ বিবাদৰ নিষ্পত্তি ঘটিব লাগিব৷ পাকিস্তানৰ বিদেশ নীতিত সেইবাবে সদায় কাশ্মীৰক এক ভিত্তি হিচাপে ৰখা হ’ব বুলি স্পষ্ট কৰি দিছে মন্ত্রী কুৰেশ্বিয়ে৷

You might also like