নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি হৈছে অখণ্ড ভাৰতৰ লক্ষ্য পূৰণৰ প্রথমটো পদক্ষেপ৷ ইয়াৰ পৰৱর্তী পদক্ষেপ হ’ব পাক অধিকৃত কাশ্মীৰ (পিঅ’কে) ওভতাই লোৱা৷ কালি বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাম মাধৱে দিল্লীত এই মন্তব্য কৰিছে৷ বিজ্ঞান ভৱনৰ ছাত্র সংসদত অংশগ্রহণ কৰি উপস্থিত সমাৱেশত এই মন্তব্য কৰে ৰাম মাধৱে৷
উল্লেখনীয় যে ছাত্র সংসদত অংশগ্রহণ কৰা এগৰাকী শিক্ষার্থীয়ে অখণ্ড ভাৰতৰ সপোন কেতিয়া বাস্তৱায়িত হ’ব বুলি প্রশ্ন কৰাৰ সময়তে ৰাম মাধৱে এয়া কেইবাটাও পর্যায়ত সম্ভৱ হ’ব বুলি উল্লেখ কৰিছে৷ পাক অধিকৃত কাশ্মীৰ ওভতাই ল’লেহে অখণ্ড ভাৰতৰ লক্ষ্য পূৰণ হ’ব বুলি নেতাগৰাকীয়ে কৰা এই মন্তব্যৰ পিছতে সংবাদ মাধ্যমত বিষয়টোৱে বিশেষ চর্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে৷