নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পুত্ৰই ক’লেঃ দেউতাই লকডাউনৰ নিয়ম পালন কৰা নাই !

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনাৰ সংক্ৰমণক প্ৰতিৰোধৰ বাবে দেশত বৰ্তমান ২১ দিনীয়া লকডাউন চলি আছে । এনে সময়তে দিল্লীত সংঘটিত হৈছে এক আজৱ ঘটনা ।

দিল্লীৰ বসন্ত কোন্জ নমাৰ অঞ্চলটোত বাস কৰা এজন যুৱকে তেওঁৰ পিতৃৰ বিৰুদ্ধে লকডাউনৰ নিয়ম মানি নচলাৰ বাবেই থানাত গোচৰ ৰুজু কৰে । যুৱকজনে কয়- আমি মানা কৰাৰ পাছতো দেউতাই প্ৰতিদিনে নিশা ৮ বজাত ঘৰৰ পৰা বাহিৰলৈ যায় । ইপিনে পুত্ৰৰ মতে বহু সময়ত ওচৰ-চুবুৰীয়াই তেওঁৰ পিতৃক ঘৰতে থাকিবলৈ কৈ আহিছিল যদিও তেওঁ কাৰোৰে কথাত গুৰুত্ব দিয়া নাছিল । যাৰ বাবে অৱশেষত পিতৃৰ বিৰুদ্ধে গোচৰ তৰিবলৈ বাধ্য হয় পুত্ৰই ।

You might also like